ড: সৌমেন ভাৰতীয়াৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাস্থিত ভিভান্টাত অনুষ্ঠিত হৈছে Byatikram Women Conclave 3.0 2024 । বহু কেইগৰাকী মহিলা উদ্যমীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । বিজনেছ নৰ্থ ইষ্টৰ আগত সৌমেন ভাৰাতীয়াই কয় যে মহিলাসকলৰ সফল কাহিনী জানিবৰ বাবে আৰু অৰ্থনৈতিক দিশত মহিলাক আগবঢ়াই নিবৰ বাবে এনেধৰণৰ Conclave বহুত প্ৰয়োজনীয় । উল্লেখযোগ্য যে এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীকে আদি কৰি প্ৰায় ২০০ শ ৰো অধিক ভিন্ন ভিন্ন ফিল্ডৰ উদ্যমী মহিলাই অংশগ্ৰহণ কৰে ।