newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব "Byatikram Education Conclave"

Darshana Borah , May 23, 2024
Spread the love

অসমৰ অগ্ৰণী সামাজিক সংস্থা ব্যতিক্ৰম মাছডোৱে প্ৰথমবাৰৰ বাবে বাংলাদেশৰ 'ঢাকা ক্লাবত ' ব্যতিক্ৰম এডুকেশ্বন কনক্লেভৰ আয়োজন কৰিছে । প্ৰথমবাৰৰ বাবে আয়োজিত এই কনক্লেভত উত্তৰ-পূৱ ভাৰত আৰু বাংলাদেশৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব । ইয়াৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত শৈক্ষিক আদান-প্ৰদান মজবুত হ'ব । ইয়াৰ উপৰিও ভাৰত বাংলাদেশৰ মাজত মেডিকেল ট্যুৰিজিমৰ বিনিময় অনুষ্ঠানো অনুষ্ঠিত হৈছিল । এই অনুষ্ঠানত ' ব্যতিক্ৰমৰ ' সহযোগত ভাৰতৰ পৰা ৫০ জনৰো অধিক চিকিৎসকে অংশগ্ৰহণ কৰিছিল । ব্যতিক্ৰমৰ সভাপতি ড: সৌমেন ভাৰাতীয়াই কয় যে, এই এডুকেশ্বন কনক্লেভে দুখন দেশৰ মাজত শিক্ষা- সংস্কৃতি অটুট ৰখাৰ উপৰিও অৰ্থনৈতিক দিশটোতো লাভৱান কৰিব। তেওঁ লগতে কয় এই কনক্লেভ অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে ইয়াৰ জৰিয়তে ভাৰত-বাংলাদেশ দুয়োখন দেশৰ মাজত মতানৈক্য ও অন্ত পৰিব ।

ALSO READ: NF Railway to add dozens more escalators, lifts at stations: Officials