 
                         
                            
                            
                                 
                            
                        
                        অনুজ সাহা , বসুন্ধৰা চাহ উদ্যোগৰ প্ৰতিষ্ঠাপকে ২০১৪ চনত ১–২ লাখ টকাৰ সীমিত পুঁজিৰ সৈতে চাহ ব্যৱসায় আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ হাতেৰে তৈয়াৰ কৰা গ্ৰীণ টি উৎপাদন কৰিছিল। সময় বাগৰাৰ লগে লগে তেওঁ ৪০ ধৰণৰ চাহৰ উৎপাদন আৰম্ভ কৰে, য'ত গ্ৰীণ টি, অৰ্থডক্স টি আৰু প্ৰাকৃতিক সোৱাদযুক্ত চাহৰ পৰা চামোমাইল টি আৰু ব্লু টি অন্তৰ্ভুক্ত যি সমূহ স্বাস্থ্যৰ বাবে মংগলজনক বুলি সৰ্বত্ৰে বিবেচিত।
তেওঁ সম্পূৰ্ণৰূপে জৈৱিক বুলি প্ৰমাণিত এই সমূহ চাহ এতিয়া জাৰ্মানী, দুবাই আৰু ওমানৰ দৰে দেশসমূহলৈ ৰপ্তানি কৰি আছে । ২০ বিঘা মাটিত চাহ বাগানৰ পৰিচালনা কৰি অনুজে সকলো উৎপাদন প্ৰক্ৰিয়া নিজে নিয়ন্ত্ৰণ কৰে।
প্ৰাৰম্ভিক সময়ত বজাৰ পাবলৈ কষ্টৰ সন্মুখীন হোৱা সত্ত্বেও, এতিয়া তেওঁ চাহপাতৰ ৭৫% শতাংশ প্ৰক্ৰিয়াকৰণ(processed) কৰে যদিও ইয়াৰে বাকী ২৫% শতাংশ কেঁচা পাত ৰূপে বিক্ৰী হয়। এই বছৰত নতুন ক্ৰেতা আৰু ৰপ্তানিকাৰীক লাভ কৰাৰ পিছত তেওঁ ৰপ্তানি বৃদ্ধি আৰু বিশ্বব্যাপী নতুন বজাৰসমূহত তেওঁৰ চাহ সমূহ উপলব্ধ কৰাৰ আশাৰে আগবাঢ়িছে।
ALSO READ: বিশ্বজিৎ ফুকনৰ নেতৃত্বত সৰুপথাৰ সমষ্টিত অব্যাহত উন্নয়নৰ ধাৰা ।