newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এনএক্সটিজেন ডাটাচেণ্টাৰৰ সৈতে ২৭ মিলিয়ন মাৰ্কিন ডলাৰৰ চাৰ্ভাৰ চুক্তি স্বাক্ষৰ কৰে আকাশ চিষ্টেমছে

BNE News Desk , December 5, 2024
Spread the love
Share on Twitter

ডাইমণ্ড ভিত্তিক অৰ্ধপৰিবাহী নিৰ্মাতা আকাশ চিষ্টেমছে এনএক্সটিজেন ডাটাচেণ্টাৰ আৰু ক্লাউড টেকন’লজিছৰ সৈতে ২৭ মিলিয়ন মাৰ্কিন ডলাৰ, প্ৰায় ২২৫ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে।

এই চুক্তিৰ অধীনত আকাশে সমগ্ৰ ভাৰতৰ এনএক্সটিজেনৰ ডাটা চেণ্টাৰলৈ নিজৰ অত্যাধুনিক ডাইমণ্ড কুল্ড চাৰ্ভাৰসমূহ ডেলিভাৰী কৰিব।

"আমি আকাশৰ সৈতে সহযোগিতা কৰি বহনক্ষম এআইৰ বাবে উদ্যোগৰ মাপকাঠী নিৰ্ধাৰণ কৰিছো।"
আকাশৰ ডাইমণ্ড কুলিং, ৱাটাৰলেছ লিকুইড কুলিং, আৰু এনভিডিয়া আৰু এএমডিৰ উন্নত জিপিইউৰ সংমিশ্ৰণৰ জৰিয়তে আমি প্ৰতি ৱাটত পাৰফৰমেন্স দুগুণ কৰিবলৈ সক্ষম হৈছো।’-এ এছ ৰাজগোপালে কয়, চিইঅ’ এণ্ড এমডি, এনএক্সটিজেনে।

ALSO READ: অহা ৩ বছৰত ইণ্ডিয়া বিজত ৬,০০০ কোটি টকা বিনিয়োগ কৰিব ৱানপ্লাছে

আকাশ চিষ্টেমছ হৈছে হীৰা ভিত্তিক অৰ্ধপৰিবাহী আৰু চিষ্টেমৰ বিকাশ আৰু নিৰ্মাণৰ বিশেষজ্ঞ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেঞ্চাৰ সমৰ্থিত কোম্পানী।

খোছলা ভেঞ্চাৰছ, ফাউণ্ডাৰছ ফাণ্ড, কেয়াৰ্নি জেকচন, আৰু অন্যান্য বিনিয়োগকাৰীৰ সমৰ্থনত আকাছে কেলিফৰ্ণিয়া আৰু টেক্সাছত কাম কৰে।