গুৱাহাটীত অনুষ্ঠিত হৈছে 'ইউথ এণ্ড কিডছ লীগ ' । ১১ নৱেম্বৰৰ পৰা গুৱাহাটীৰ জজ ফিল্ডত অনুষ্ঠিত হৈ আছে এই ফুটবল লীগ । ক্ৰিকেটৰ সমানেই যাতে ফুটবলৰ প্ৰতিও যুৱ প্ৰজন্মৰ আগ্ৰহ বাঢ়ে তাৰবাবেই অসম ক্ৰিয়া সন্থাই এই পদক্ষেপ হাতত লৈছে।
অসম ক্ৰিয়া সন্থাৰ উদ্যোগত আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ সহযোগত চলি থকা এই টুৰ্ণামেন্তে বহু সম্ভাৱনাময় প্ৰতিভাক উলিয়াই আনিব । গুৱাহাটী ক্ৰিয়া সন্থাৰ সাধাৰণৰ সম্পাদক দেৱজিৎ শইকীয়াক এই ফুটবল লীগৰ ওপৰত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, গুৱাহাটী ক্ৰিয়া সন্থাই বহু দিনৰ পৰাই পৰিকল্পনা কৰি আছিল এখন ইউথ এণ্ড কিডছ ফুটবল লীগ অনুষ্ঠিত কৰাৰ ।
নর্থইষ্ট ইউনাইটেড আগবাঢ়ি অহাত দুগুণ উৎসাহ বাঢ়িল বুলি শইকীয়াই মন্তব্য কৰে । তেওঁ কয় যে আমি ২০-২৫ টা দলে ভাগ লব আৰু প্ৰায় ১০০-১৫০ জন খেলুয়ৈয়ে খেলিব বুলি ভাবিছিলো । কিন্তু বৰ্তমান ১২৪ টা দলে যোগদান কৰিছে আৰু ১৪০০ খেলুয়ে খেলি আছে । ই নিশ্চয়কৈ এক ভাল খবৰ ।
প্ৰতিটো দলৰ প্ৰশিক্ষক সকলক ধন্যবাদ জনাই তেওঁ কয় প্ৰশিক্ষক আৰু টেকনিকেল টিম সমূহৰ উদ্যম মনিবলগীয়া। ইয়াৰ উপৰিও তেও মন্তব্য কৰে যে অভিভাবকৰ সমৰ্থনো মন কৰিবলগীয়া । অসম ক্ৰিয়া সন্থাই ভবাতকৈও অভিভাবকৰ পৰা বহু পৰিমাণে সমৰ্থন পাইছে বুলি তেওঁ মন্তব্য কৰে ।
ALSO READ: Tripura envisages palm oil cultivation to 7000 ha in 4 years