newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বাজাজ ফাইনেন্সঃ বাজাজ ফাইনেন্সৰ অসুবিধা বাঢ়িল, জি এছ টি বিভাগে ৩৪১ কোটি টকাৰ কৰ ফাঁকিৰ বাবে প্ৰেৰণ কৰে জাননী

BNE News Desk , August 9, 2024
Spread the love

বীমা কোম্পানীসমূহৰ পিছত এতিয়া বিত্তীয় সেৱা প্ৰদানকাৰী কোম্পানী বাজাজ ফাইনেন্স কৰ ফাঁকিৰ অভিযোগত জি এছ টি বিভাগৰ লক্ষ্যৰ অধীনলৈ আহিছে। জি এছ টি বিভাগে ৩৪০ কোটিতকৈ অধিক কৰ দাবীৰে কোম্পানীটোক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছে।

ইটিৰ এক প্ৰতিবেদন অনুসৰি জিএছটি চোৰাংচোৱা সঞ্চালকালয় বা ডিজিজিআইয়ে কৰ ফাঁকিৰ বাবে বাজাজ ফাইনেন্সলৈ ৩৪১ কোটি টকাৰ জাননী জাৰি কৰিছে। ডিজিজিআইয়ে কয় যে বাজাজ ফাইনেন্সে ভুলকৈ চাৰ্ভিচ চাৰ্জটো সুত চাৰ্জ হিচাপে দেখুৱাইছিল, যাতে কৰ ৰাহি কৰিব পৰা যায়। এই কাৰণতে ডিজিজিআইয়ে জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

এই জাননী যোৱা ৩ আগষ্টত বাজাজ ফাইনেন্সলৈ প্ৰেৰণ কৰিছিল জি এছ টি ইনটেলিজেন্সে। জানিব পৰা মতে, জাননী প্ৰেৰণ কৰাৰ পূৰ্বে জি এছ টি চোৰাংচোৱা সংস্থাই বাজাজ ফাইনেন্সৰ কৰ গোচৰৰ তদন্ত কৰি ফাঁকি ধৰা পৰাৰ পিছতহে কাৰণ দেখুৱাই জাননী জাৰি কৰিছিল। ২০২২ চনৰ জুন মাহৰ পৰা ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত ৩৪১ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে কোম্পানীটোৰ বিৰুদ্ধে।

এই ক্ষেত্ৰত কোম্পানীয়ে ধন পৰিশোধ নকৰালৈকে প্ৰতিদিনে ১০০ শতাংশ জৰিমনা, ১৫০ কোটি টকাৰ সুত আৰু ১৬ লাখ টকাৰ দৈনিক সুত দিব লাগিব। বৰ্তমানলৈকে মুঠ দায়বদ্ধতা ৮৫০ কোটি টকা হৈছেগৈ। এই সন্দৰ্ভত এতিয়াও বাজাজ ফাইনেন্সে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই

বাজাজ ফাইনেন্স হৈছে দেশৰ সৰ্ববৃহৎ কনজিউমাৰ ফাইনেন্স এনবিএফচি যাৰ পৰিচালনাত ৩.৫৪ লাখ কোটি টকাৰ সম্পত্তি আছে। বৰ্তমান জি এছ টি বিভাগে বহু কোম্পানীলৈ জাননী প্ৰেৰণ কৰি আছে। মাত্ৰ এদিন পূৰ্বে জি এছ টি বিভাগে এইচ ডি এফ চি ই আৰ জি অ’ আৰু ষ্টাৰ হেল্থকে ধৰি ২০টা সাধাৰণ বীমা কোম্পানীলৈ ২ হাজাৰ কোটিতকৈ অধিক টকাৰ কৰ ফাঁকিৰ বাবে জাননী প্ৰেৰণ কৰাৰ খবৰ আহিছিল।