newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

২০২৩ চনত ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৪৩% হ্ৰাস পাইছে, মাত্ৰ ২৮ বিলিয়ন ডলাৰৰ বিনিয়োগ

BNE News Desk , June 21, 2024
Spread the love

২০২৩ চনত ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৪৩ শতাংশ হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনে প্ৰকাশ কৰিছে বিশ্ব বিনিয়োগ প্ৰতিবেদন ২০২৪। প্ৰতিবেদন অনুসৰি ২০২৩ চনত ভাৰতলৈ মুঠ ২৮.১৬৩ বিলিয়ন ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আহিছে, যিটো ২০২২ চনত আছিল ৪৯.৩৮ বিলিয়ন ডলাৰ। ২০২২ চনৰ তুলনাত ২০২৩ চনত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৪২.৯৭ শতাংশ হ্ৰাস পাইছে।

ইউএনচিটিএডিয়ে বিশ্ব বিনিয়োগ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত বিশ্বজুৰি আঞ্চলিক আৰু দেশীয় পৰ্যায়ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ধাৰাসমূহ উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও উন্নয়নত অৰিহণা যোগাবলৈ প্ৰয়োজনীয় পদক্ষেপ সন্দৰ্ভতো প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছে। এই প্ৰতিবেদন অনুসৰি এফ ডি আৰ আইৰ প্ৰবাহৰ ক্ষেত্ৰত ২০২২ চনত ভাৰত ৮ম স্থানত আছিল, যিটো ২০২৩ চনত ১৫ নম্বৰ স্থানলৈ হ্ৰাস পাইছিল। ইয়াৰ পিছতো গ্ৰীণফিল্ড প্ৰকল্প আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প বিত্তীয় চুক্তিত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ ৫ খন দেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।

এই প্রতিবেদন অনুসৰি কৰ’ণাৰ দ্বাৰা প্রভাৱিত হোৱা ২০২০ চনত ভাৰতত ৬৪ বিলিয়ন ডলাৰৰ প্রত্যক্ষ বিদেশী বিনিয়োগ দেখা গ’ল৷ যিটো ২০২১ চনত ৪৪.৭৬৩ বিলিয়ন ডলাৰলৈ আৰু ২০২২ চনত ৪৯.৩৮ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। প্ৰতিবেদন অনুসৰি ২০২৩ চনত ভাৰতৰ পৰা ১৩.৩৪১ বিলিয়ন ডলাৰৰ বহিঃপ্ৰবাহ দেখা গৈছে। ইউএনচিটিএডিৰ প্ৰতিবেদন অনুসৰি শীৰ্ষ ২০খন অৰ্থনীতিৰ ভিতৰত ফ্ৰান্স, অষ্ট্ৰেলিয়া, চীন, আমেৰিকা আৰু ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সৰ্বোচ্চ হ্ৰাস দেখা গৈছে। বিশ্ব বিনিয়োগ প্ৰতিবেদন অনুসৰি অৰ্থনৈতিক মন্দাৱস্থা আৰু বিশ্বৰ উত্তেজনা বৃদ্ধিৰ বাবে গ্ল’বেল ডাইৰেক্ট ইনভেষ্টমেণ্ট ২ শতাংশ হ্ৰাস পাই ১.৩ ট্ৰিলিয়ন ডলাৰ হৈছে।

উন্নয়নশীল দেশসমূহত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ ৭ শতাংশ হ্ৰাস পাই ৮৬৭ বিলিয়ন ডলাৰ হৈছে। প্ৰতিবেদন অনুসৰি ২০২৩ চনত ৮৬ শতাংশ বিনিয়োগ নীতিৰ সন্দৰ্ভত লোৱা পদক্ষেপ বিনিয়োগকাৰীসকলে ভাল নাপালে, যাৰ বাবে বিনিয়োগ হ্ৰাস পাইছে। গতিকে কটকটীয়া বিত্তীয় চৰ্তৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প বিত্তীয় চুক্তি ২৬ শতাংশ হ্ৰাস পাইছে।

ALSO READ: Mizoram CM launches MSME initiatives