newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ইউনিক্লেন হেল্থকেয়াৰৰ ৫১.৭৭ পিচি অংশীদাৰিত্ব ৫৪.৮৮ কোটি টকাত লাভ কৰে ড’মছ ইণ্ডাষ্ট্ৰীজে

BNE News Desk , September 23, 2024
Spread the love

ষ্টেচনাৰী আৰু আৰ্ট মেটেৰিয়েল নিৰ্মাতা কোম্পানী ড’মছ ইণ্ডাষ্ট্ৰীজ লিমিটেডে সোমবাৰে জনোৱা মতে, বেবী ডায়েপাৰ, ৱাইপ, আৰু হাইজিন প্ৰডাক্ট উৎপাদক ইউনিক্লেন হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ ৫১.৭৭ শতাংশ ইকুইটি অংশীদাৰিত্ব মুঠ ৫৪.৮৮ কোটি টকাৰ বিনিময়ত লাভ কৰিছে।

এই লেনদেনৰ অংশ হিচাপে কোম্পানীটোৱে মুঠ ৫৪.৮৮ কোটি টকাৰ বিবেচনাৰে ৭১,১৬,০৮০টা ইকুইটি শ্বেয়াৰ লাভ কৰিছে, ইয়াৰে ২৮.৮৮ কোটি টকা প্ৰাথমিক ইনফিউজন হ’ব, যিটো ইউনিক্লেনৰ দ্বাৰা ক্ষমতা সম্প্ৰসাৰণ, ঋণ পৰিশোধ আৰু কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি  ড’মছ ইণ্ডাষ্ট্ৰীজে (DOMS) এক বিবৃতিত কয়।

ড’মছৰ পৰিচালন সঞ্চালক সন্তোষ ৰাভেছিয়াই কয় যে ইউনিক্লেনত কৰা বিনিয়োগৰ জৰিয়তে কোম্পানীটোৱে বেবী হাইজিন ছেগমেণ্টত প্ৰৱেশ কৰিছে।

তেওঁ লগতে কয় যে এই অধিগ্ৰহণ আমাৰ ব্যৱসায়িক পৰ্টফলিঅ’ বৃদ্ধি কৰা নতুন খণ্ডসমূহ অন্বেষণ কৰাৰ বাবে আমাৰ দীৰ্ঘম্যাদী কৌশলৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ,’।

কোম্পানীটোৱে জনোৱা মতে, এই অধিগ্ৰহণে ড’মছক বহল বজাৰৰ বাবে সামগ্ৰিক বৃদ্ধিৰ কৌশলৰ সৈতে সংগতি ৰাখি নিজৰ প্ৰডাক্ট ৰেঞ্জ সম্প্ৰসাৰণ আৰু প্ৰডাক্ট পৰ্টফলিঅ’ৰ বৈচিত্ৰ্যতা প্ৰদান কৰিবলৈ সক্ষম কৰে।

ইউনিক্লেনৰ ৰাজস্থানৰ জয়পুৰত বছৰি প্ৰায় ৪০ কোটি পুল-আপ পেণ্ট ষ্টাইলৰ বেবী ডায়েপাৰ স্থাপন কৰা ক্ষমতাৰে এটা উৎপাদন কেন্দ্ৰ আছে যিবোৰ মূলতঃ ইয়াৰ ফ্লেগশ্বিপ ব্ৰেণ্ড ‘ৱাউপাৰ’ৰ অধীনত বিক্ৰী কৰা হয় বুলিও ইউনিকলেনে লগতে কয়।

ইউনিক্লেন হেল্থকেয়াৰৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক ভাটছাল দেশাইয়ে কয় যে ড’মছৰ গ্ৰাহকৰ জ্ঞান আৰু বজাৰ বিশেষজ্ঞতাৰ লাভ উঠাবলৈ আমি আত্মবিশ্বাসী যে আমি আমাৰ ব্ৰেণ্ডক আৰু অধিক শক্তিশালী কৰিব পাৰিম আৰু আমাৰ গ্ৰাহকসকলক ব্যতিক্ৰমী সামগ্ৰী প্ৰদান কৰি যাব পাৰিম।