newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কেন্দ্ৰীয় বাজেট ২০২৪: প্ৰত্যক্ষ কৰত কৰ্পৰেটতকৈ দৰমহাপ্ৰাপ্ত কৰদাতাৰ অধিক অংশ, কৰ হ্ৰাস কৰি চৰকাৰে কেনেকৈ চম্ভালিব ৰাজকোষ?

BNE News Desk , July 22, 2024
Spread the love

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এদিনৰ পাছত নতুন বাজেট দাখিল কৰিবলৈ ওলাইছে। এই বাজেটখন হ’ব মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বাজেট আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট। বিশ্বাস কৰা হয় যে এই বাজেটত মোডী চৰকাৰে ২০৪৭ চনৰ ভিতৰত দেশৰ উন্নয়নৰ বাবে ৰোডমেপ দাখিল কৰিব পাৰে। ইফালে বাজেটৰ ঠিক আগতেই পুনৰ পোহৰলৈ আহিছে দৰমহা পোৱা শ্ৰেণীৰ কৰদাতাৰ বিষয়টো

বিশ্লেষকসকলে দীৰ্ঘদিন ধৰি যুক্তি দি আহিছে যে ভাৰতত দৰমহা পোৱা শ্ৰেণীৰ কৰদাতাসকল সৰ্বাধিক শোষিত। ইয়াৰ সপক্ষে কোৱা হয় যে সাধাৰণ কাম কৰা কৰ্মচাৰীৰ দৰমহাৰ পৰা ইতিমধ্যে আয়কৰ কৰ্তন কৰা হয়, আনহাতে ব্যৱসায়ী বা বহুত উপাৰ্জন কৰা কৃষকে কৰ দায়বদ্ধতাৰ পৰা ৰক্ষা পৰে। এই কাৰণেই বছৰ বছৰ ধৰি কৰ ব্যৱস্থাত দৰমহা পোৱা শ্ৰেণীৰ কৰদাতাক সকাহ দিয়াৰ দাবী উত্থাপন হৈ আহিছে আৰু এইবাৰ বাজেটৰ পূৰ্বেও এই দাবী তীব্ৰতৰ হৈ পৰিছে।

দৰমহা পোৱা শ্ৰেণীটোৱেই হৈছে চৰকাৰী কোষাগাৰত সৰ্বাধিক বৰঙণি আগবঢ়োৱা কৰদাতা শ্ৰেণী। চৰকাৰী আয়ৰ অন্যতম গুৰুত্বপূৰ্ণ উৎস হ’ল প্ৰত্যক্ষ কৰ সংগ্ৰহ। প্ৰত্যক্ষ কৰত চৰকাৰে ব্যক্তিগত আয়কৰ আৰু কৰ্পৰেট আয়কৰৰ পৰা উপাৰ্জন কৰে। চলিত মাহৰ আৰম্ভণিতে প্ৰকাশ পোৱা পৰিসংখ্যা অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে নিকা প্ৰত্যক্ষ কৰ সংগ্ৰহ ২৪.০৭ শতাংশ বৃদ্ধি পাই ৫.৭৪ লাখ কোটি টকা হৈছে। এই তথ্য ২০২৪ চনৰ ১১ জুলাইলৈকে।

প্ৰত্যক্ষ কৰ উপাৰ্জনত অৱদানৰ সমীকৰণটো যোৱা কিছু বছৰত দ্ৰুতগতিত সলনি হৈছে। ঐতিহাসিকভাৱে ভাৰতত প্ৰত্যক্ষ কৰ সংগ্ৰহত কৰ্পৰেট কৰ ব্যক্তিগত আয়কৰতকৈ বেছি আছিল যদিও এতিয়া এই ছবিখন সলনি হৈছে। ২০১৯ চনত কৰ্পৰেট কৰৰ হাৰ হ্ৰাস পোৱা আৰু দৰমহা পোৱা শ্ৰেণীৰ কৰদাতাৰ সংখ্যা বৃদ্ধিৰ বাবে এতিয়া ব্যক্তিগত আয়কৰৰ অৱদান যথেষ্ট বৃদ্ধি পাইছে। তথ্য অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহত কৰ্পৰেট টেক্সে ২.১ লাখ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। আনহাতে মুঠ সংগ্ৰহত ব্যক্তিগত আয়কৰৰ অৱদান ৩.৪৬ লাখ কোটি টকা হৈছে।

টাইমছ অৱ ইণ্ডিয়াৰ এটা ভাইৰেল প্ৰবন্ধত ব্যক্তিগত কৰদাতা বিশেষকৈ দৰমহা পোৱা শ্ৰেণীৰ শোষণৰ কাহিনীও কোৱা হৈছে। ২০২০ চনত প্ৰকাশিত ৪ বছৰীয়া এটা লেখাত এটা উদাহৰণ দিয়া হৈছে যে এজন দৰমহা পোৱা কৰদাতাই গাড়ী কিনিবলৈ কিমান উপাৰ্জন কৰিব লাগে। প্ৰবন্ধটোৰ মতে, যদি কোনো দৰমহা পোৱা কৰদাতাই ১৫ লাখ টকাৰ গাড়ী কিনিব বিচাৰে তেন্তে তাৰ বাবে ২১.৪২ লাখ টকা উপাৰ্জন কৰিব লাগিব, কাৰণ ৬.৪২ লাখ টকা আয়কৰত যায়। একেদৰে এখন গাড়ীয়ে এক লাখ কিলোমিটাৰ চলাবলৈ প্ৰয়োজনীয় ৭.৫৫ লাখ টকাৰ ইন্ধন খৰচ বহন কৰিবলৈ ১০.৭৮ লাখ টকা উপাৰ্জন কৰিব লাগিব।

মুঠৰ ওপৰত কোনো দৰমহা পোৱা ব্যক্তিয়ে যদি ১৫ লাখ টকাৰ গাড়ী কিনি ১ লাখ কিলোমিটাৰ গাড়ী চলায় তেন্তে কৰদাতাই মুঠ ৩২.২০ লাখ টকা উপাৰ্জন কৰিব লাগিব। আমোদজনক কথাটো হ’ল, ইয়াৰে ১৮.৭৮ লাখ টকা বিভিন্ন কৰৰ জৰিয়তে চৰকাৰী কোষাগাৰলৈ যায়। অৰ্থাৎ গাড়ীখন কোম্পানীয়ে নিৰ্মাণ কৰি কৰদাতাই চলালেও চৰকাৰে সৰ্বাধিক উপাৰ্জন কৰে। ২০২০ বৰ্ষৰ তুলনাত ইন্ধনৰ মূল্য বা কৰ হাৰৰ বিশেষ পাৰ্থক্য দেখা পোৱা নাই।
   

২২ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ নতুন অধিৱেশন। অধিৱেশনৰ দ্বিতীয় দিন অৰ্থাৎ ২৩ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট দাখিল কৰিবলৈ ওলাইছে। ইয়াৰ পূৰ্বে আজি সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক পৰ্যালোচনা। মঙলবাৰে বাজেট দাখিল কৰাৰ লগে লগে স্পষ্ট হ’ব যে চৰকাৰে সৰ্বাধিক উপাৰ্জন কৰা দৰমহা পোৱা শ্ৰেণীৰ কৰদাতাসকলক কিছু সকাহ দিয়ে নে ভৱিষ্যতেও তেওঁলোকৰ শোষণৰ ধাৰা অব্যাহত থাকিব।