newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কাইনেটিক গ্ৰীনৰ বি টু চি বজাৰত প্ৰৱেশ, ২০৩০ চনৰ ভিতৰত ১০,০০০ কোটি ৰাজহৰ লক্ষ্য

BNE News Desk , September 5, 2024
Spread the love

ই-লুনাৰ নিৰ্মাতা কোম্পানী কাইনেটিক গ্ৰীনে বি টু চি (ব্যৱসায়ৰ পৰা গ্ৰাহকলৈ) ইলেক্ট্ৰিক তিনিচকীয়া বাহনৰ ছেগমেণ্টত আক্ৰমণ চলাইছে আৰু কাইনেটিক গ্ৰীণৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া চুলাজ্জা ফিৰোডিয়া মটৱানীয়ে বিত্তীয় বৰ্ষ ৩০ৰ পৰা ১০ হাজাৰ কোটি টকাৰ ৰাজহৰ বাবে লক্ষ্য ৰাখিছে , বুধবাৰে সাংবাদিকৰ আগত এইদৰে কয়।

বৰ্তমান ইলেক্ট্ৰিক তিনিচকীয়া বাহনৰ ছেগমেণ্টত কোম্পানীটোৱে ৩ শতাংশ বজাৰ অংশীদাৰিত্ব লাভ কৰিছে আৰু ২০৩০ চনৰ ভিতৰত ইয়াক ৩০-৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

“যদি আপুনি তিনিচকীয়া বাহনৰ মুঠ বজাৰখন চায়, তেন্তে ১০ শতাংশ বি টু বি আৰু বি টু জি আৰু ৯০ শতাংশ বি টু চি, আৰু সেয়াই হ’ব আমাৰ ভৱিষ্যতৰ কৌশলৰ মূল শিলাস্তম্ভ। ইলেক্ট্ৰিক তিনিচকীয়া বাহনৰ সুযোগ অতি বৃহৎ।’-মটৱানীয়ে কয়।

ইফালে, মটৱানীয়ে জনোৱা মতে, ১৫ হাজাৰ ইউনিট বিক্ৰীৰ সৈতে কোম্পানীটোৱে ২৫ বিত্তীয় বৰ্ষৰ বাবে ৯০০ কোটি টকাৰ ৰাজহৰ বাবে লক্ষ্য ৰাখিছে। ইয়াৰে ৬৫ শতাংশ দুচকীয়া বাহনৰ পৰা আহিব, আনহাতে ৩৫ শতাংশ তিনিচকীয়া বাহনৰ পৰা আহিব বুলি মটৱানীয়ে কয়।

২০১৬ চনত প্ৰতিষ্ঠা হোৱা কোম্পানীটোৱে এতিয়ালৈকে ১২০০ কোটি টকাৰ ৰাজহ লাভ কৰিছে। ই-লুনা নিৰ্মাতা কোম্পানীটোৱে ২০২৪ বিত্তীয় বৰ্ষত ৩০০ কোটি টকাৰ ৰাজহ লাভ কৰিছিল আৰু ইয়াৰ দুচকীয়া বাহনৰ শক্তিশালী বিক্ৰীৰ সমৰ্থনত।

কাইনেটিক গ্ৰীণ ৩.০ কৌশলৰ অংশ হিচাপে কোম্পানীটোৱে এল ৩ আৰু এল ৫ প্লেটফৰ্মৰ সৈতে ইলেক্ট্ৰিক তিনিচকীয়া বাহনৰ ছেগমেণ্টতো গুৰুত্ব দিবলৈ বিচাৰিছে।

উল্লেখযোগ্য যে কাইনেটিকৰ সফল মপেড লুনা আৰু কাইনেটিক হোণ্ডা স্কুটাৰ উৎপাদনৰ উত্তৰাধিকাৰ আছে। ২০০৮ চনত ই দুচকীয়া বাহনৰ ছেগমেণ্টত নতুন সামগ্ৰীৰ বাবে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ সৈতে অংশীদাৰিত্ব কৰে। এই অংশীদাৰিত্ব অৱশ্যে ক্ষতিগ্ৰস্ত হৈ ২০১৪ চনত মহিন্দ্ৰাই যৌথ উদ্যোগটোৰ পৰা ওলাই যায়।কিন্তু ২০১৬ চনত কাইনেটিক গ্ৰীণ নামেৰে নামকৰণ কৰা কাইনেটিকে ইলেক্ট্ৰিক দুচকীয়া বাহনৰ কাম কৰি থকাৰ কথা ঘোষণা কৰে আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ই-লুনা প্ৰৱৰ্তন কৰে।

লগতে আগন্তুক ১৮ মাহত এখন পাৰিবাৰিক বৈদ্যুতিক স্কুটাৰ মুকলি কৰাৰ বাবেও কাম কৰি আছে কোম্পানীটোৱে। চলিত বৰ্ষৰ আৰম্ভণিতে কোম্পানীটোৱে ঘোষণা কৰিছিল যে তেওঁলোকে গ্ৰেটাৰ পেচিফিক কেপিটেল (জিপিচি)ৰ পৰা ২৫ মিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে যিটো তেওঁলোকে গৱেষণা আৰু উন্নয়নত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।