newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

প্ৰত্যক্ষ কৰ সংগ্ৰহ ২১.৪৮ শতাংশ বৃদ্ধি পাই ১২ লাখ কোটি টকা, অগ্ৰিম কৰ সংগ্ৰহ ২২.৬১ শতাংশ বৃদ্ধি

BNE News Desk , September 19, 2024
Spread the love

আয়কৰ বিভাগে প্ৰকাশ কৰিছে প্ৰত্যক্ষ কৰ সংগ্ৰহৰ তথ্য। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰলৈকে মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ ২১.৪৮ শতাংশ জঁপিয়াই ১২,০১,০৭৩ কোটি টকা হৈছে। আনহাতে ১৬.১২ শতাংশ জঁপিয়াই নিকা প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ ৯,৯৫,৭৬৬ কোটি টকা। আয়কৰ বিভাগে অগ্ৰিম কৰ সংগ্ৰহৰ তথ্যও প্ৰকাশ কৰিছে, যাৰ মতে ব্যক্তিগত আয়কৰ সংগ্ৰহৰ ক্ষেত্ৰত ৩৯.২২ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে কৰ্পৰেট কৰ সংগ্ৰহৰ ক্ষেত্ৰত ১৮.১৭ শতাংশ বৃদ্ধি দেখা গৈছে।
   
২০২৪ চনৰ ১৯ ছেপ্টেম্বৰলৈকে প্ৰত্যক্ষ কৰ সংগ্ৰহৰ তথ্য প্ৰকাশ কৰাৰ সময়ত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে কয় যে মুঠ কৰ সংগ্ৰহ ২১.৪৮ শতাংশ জঁপিয়াই ১২,০১,০৭৩ কোটি টকা হৈছে। ৫৬.৪৯ শতাংশ ৰিফাণ্ড বৃদ্ধি হোৱাৰ লগতে ২,০৫,৩০৭ কোটি টকা হৈছে। ইয়াৰ পিছত নিকা প্ৰত্যক্ষ কৰ সংগ্ৰহ ১৬.১২ শতাংশ বৃদ্ধি পাই ৯,৯৫,৭৬৬ কোটি টকা হৈছে। 
   
তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ১৭ ছেপ্টেম্বৰ, ২০২৪ পৰ্যন্ত ৪,৩৬,০৬৭ কোটি টকাৰ অগ্ৰিম কৰ লাভ কৰা হৈছে, যিটো যোৱা বিত্তীয় বৰ্ষত এই সময়ছোৱাত সংগ্ৰহ কৰা হৈছিল ৩,৫৫,৬৬০ কোটি টকা। অৰ্থাৎ চলিত বিত্তীয় বৰ্ষত অগ্ৰিম কৰ ২২.৬১ শতাংশ জঁপিয়াই পৰিছে। চলিত বিত্তীয় বৰ্ষত ১৮.১৭ শতাংশ বৃদ্ধিৰে অগ্ৰিম কৰ সংগ্ৰহ ৩,৩১,৭৩০ কোটি টকা হোৱাৰ বিপৰীতে ব্যক্তিগত আয়কৰ অগ্ৰিম কৰ সংগ্ৰহ ৩৯.২২ শতাংশ বৃদ্ধিৰে ১,০৪,৩৩৬ কোটি টকা। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বাবে অগ্ৰিম কৰ জমা কৰাৰ অন্তিম তাৰিখ আছিল ১৫ ছেপ্টেম্বৰ।