newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

Zomato এ চিনেমাৰ পৰা বজাৰলৈ ব্যৱসায় বৃদ্ধি কৰিব, নতুন এপ মুকলি, শ্বেয়াৰ জম্প ১০%

BNE News Desk , August 2, 2024
Spread the love

খাদ্য ডেলিভাৰী প্ৰতিষ্ঠান জোমাট’ই নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনা কাৰ্যকৰী কৰি কোম্পানীয়ে মুকলি কৰিছে এটা নতুন ‘জিলা’ এপ। এই এপৰ জৰিয়তে Zomato য়ে চিনেমাৰ পৰা বজাৰ কৰালৈকে নিজৰ পৰিসৰ বৃদ্ধি কৰিব।

জোমাটোৰ চিইঅ’ দীপিন্দৰ গোৱালে কয় যে তেওঁৰ কোম্পানীয়ে জিলা এপৰ জৰিয়তে লাইফষ্টাইল ছেগমেণ্টত প্ৰৱেশ কৰিছে আৰু গ্ৰাহকক বজাৰ কৰাৰ পৰা আৰম্ভ কৰি ষ্টেকেচনলৈকে সেৱা আগবঢ়াবলৈ ওলাইছে। এই এপৰ জৰিয়তে গ্ৰাহকক ঘৰৰ বাহিৰলৈ যোৱাৰ ওপৰত কেন্দ্ৰিত সেৱা আগবঢ়োৱা হ’ব। নতুন এপটোৰ সেৱাসমূহৰ ভিতৰত থাকিব ডাইনিং, চিনেমাৰ টিকট বুকিং, ইভেণ্ট বুকিং ইত্যাদি।

এতিয়ালৈকে জোমাটোৰ গুৰুত্ব আছিল মূলতঃ খাদ্য ডেলিভাৰীত। কোম্পানীটোৱে নিজৰ মূল এপ Zomatoৰ জৰিয়তেও ডাইনিং সেৱা আগবঢ়াইছিল। এতিয়া ডাইনিং সেৱা নতুন এপলৈ স্থানান্তৰ কৰা হ’ব। এই বিষয়ে চিইঅ’ গোৱালে শ্বেয়াৰহোল্ডাৰসকললৈ লিখা এখন পত্ৰত কয় - জিলা এপৰ জৰিয়তে ডাইনিং আউট, স্প’ৰ্টছ টিকটিং, লাইভ পাৰফৰমেন্স, শ্বপিং, ষ্টেকেচনৰ দৰে সেৱাসমূহ এটা প্লেটফৰ্মত একত্ৰিত কৰা হ’ব

Zomato এ এতিয়াও নতুন এপটো ৰোল আউট কৰা নাই। নতুন এপটো ৰোল আউটৰ আনুষ্ঠানিক তাৰিখৰ বিষয়ে এতিয়াও কোম্পানীয়ে অৱগত কৰা নাই। কিন্তু এটা কথা স্পষ্ট যে কোম্পানীটোৱে লাইফষ্টাইল ছেগমেণ্টত নিজৰ ব্যৱসায় আক্ৰমণাত্মকভাৱে সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰি আছে।

শেহতীয়াকৈ জোমাটোৰ ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ বাবেই কোম্পানীটোৰ আৰ্থিক প্ৰদৰ্শনো উন্নত হৈছে। জুন ত্ৰৈমাসিকত কোম্পানীটোৰ নিকা লাভ ২৫৩ কোটি টকা। জুনৰ ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ ৭৪ শতাংশ বৃদ্ধি পাই ৪০২৬ কোটি টকা হৈছে।

নতুন এপ আৰু ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ প্ৰভাৱো জোমাটোৰ ষ্টকত দেখা গৈছে। আজি ইয়াৰ শ্বেয়াৰৰ মূল্য ১০ শতাংশতকৈ অধিক জপিয়াই পৰিছে। শুকুৰবাৰে নিশা ১২:৪৫ বজাত ইয়াৰ শ্বেয়াৰৰ মূল্য ২৫৮.৭৫ টকা, ১০.৫৩ শতাংশ বৃদ্ধি।