newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বৃদ্ধি হ‘ল সোণৰ দাম, ৰূপৰ দাম ১১০০ টকাতকৈও অধিক। চাওঁক আপোনাৰ চহৰৰ  ৰেট

BNE News Desk , August 2, 2024
Spread the love

আগষ্ট মাহৰ আৰম্ভণিৰ লগে লগে সোণ-ৰূপৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। ২০২৪ চনৰ ২ আগষ্ট শুকুৰবাৰে সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। সোণৰ মূল্য ৫০০ টকা বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য ১১০০ টকাতকৈ অধিক বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যদি আপুনি সোণ-ৰূপ কিনাৰ কথা ভাবিছে, তেন্তে আপুনি অধিক ধন খৰচ কৰিব লাগিব।
   ২ আগষ্টত মাল্টি ক’ম’ডিটি এক্সচেঞ্জত সোণৰ মূল্য প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। আজি সোণৰ মূল্য বৃহস্পতিবাৰৰ তুলনাত ৫১৭টকা হৈ পৰিছে আৰু প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৭০,৪৭১টকাত উপনীত হৈছে। বৃহস্পতিবাৰে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত বন্ধ হৈছিল ৬৯,৯৫৪ টকা।
     সোণৰ উপৰিও শুকুৰবাৰে ৰূপৰ মূল্যও বৃদ্ধি পাইছে। ৰূপৰ ফ্যুচাৰ বজাৰত বৃহস্পতিবাৰৰ তুলনাত ১১৩৫ টকাৰ বৃহৎ বৃদ্ধিৰে প্ৰতি কেজিত ৮৩,৭২৯ টকা হৈছেগৈ। ১ আগষ্টত ৰূপৰ মূল্য ৮২,৫৯৪ টকাত বন্ধ হৈছিল।

দিল্লী-মুম্বাইৰ দৰে চহৰত সোণ-ৰূপৰ দাম জানি লওক-
দিল্লীত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকা আৰু ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৪৭০ টকা আৰু ৰূপ ৯১,০০০ টকাত বিক্ৰী কৰা হৈছে।
পুনেত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৬৯০ টকা আৰু ৰূপ ৮৭,২০০ টকাত বিক্ৰী কৰা হৈছে।
নয়ডাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকা আৰু প্ৰতি কিলোগ্ৰাম ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকা আৰু ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
কলকাতাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৬৯০ টকা আৰু ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
জয়পুৰৰ ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকা আৰু ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
গুৰুগ্ৰামত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকা আৰু ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
পাটনাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৭৪০ টকা আৰু ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
লক্ষ্ণৌত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকা আৰু ৰূপ ৮৬,৫০০ টকাত বিক্ৰী কৰা হৈছে।
বিদেশী বজাৰতো সোণ আৰু ৰূপৰ দাম বৃদ্ধি পালে
ভাৰতৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় বজাৰতো বৃদ্ধি পাইছে সোণ-ৰূপৰ দাম। কমেক্সৰ সোণৰ মূল্য ১৩.৯৭ ডলাৰৰ বিশাল লাভৰ সৈতে প্ৰতি আউন্সত ২৪৬০.২৫ ডলাৰ হৈছেগৈ। একে সময়তে আজি ৰূপৰ মূল্য বৃদ্ধি পাইছে আৰু কমেক্সত ই ০.৪৪ ডলাৰ বৃদ্ধি পাই ২৮.৯৬ ডলাৰ হৈছেগৈ।