newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আজিৰ পৰা খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্স হ্ৰাস,  এটা ষ্ট্ৰ‘কতে হ‘ল বৃহৎ হ্ৰাস

BNE News Desk , May 16, 2024
Spread the love
Share on Twitter

দেশৰ ভিতৰতে উৎপাদিত খাৰুৱা তেলৰ ওপৰত আকাশী কৰ হ্ৰাস কৰিছে চৰকাৰে। কেইবামাহো উইণ্ডফল টেক্স বৃদ্ধিৰ পিছত এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইণ্ডফল টেক্স হ্ৰাস কৰা হৈছে। এই সিদ্ধান্তৰ বিষয়ে বুধবাৰে সন্ধিয়া গভীৰ পৰ্যন্ত তথ্য প্ৰদান কৰা হয়।

বুধবাৰে সন্ধিয়া চিবিআইচি অৰ্থাৎ কেন্দ্ৰীয় পৰোক্ষ কৰ ব’ৰ্ডে এক বিবৃতিত কয় যে ঘৰুৱাভাৱে উৎপাদিত খাৰুৱা তেলৰ ওপৰত উইণ্ডফল কৰ হ্ৰাস কৰা হৈছে। এই কৰ্তনৰ পিছত এতিয়া ঘৰুৱা খাৰুৱা তেলৰ ওপৰত প্ৰতি টনত ৫৭০০ টকাৰ হাৰত উইণ্ডফল টেক্স আৰোপ কৰা হ’ব। ইয়াৰ পূৰ্বে প্ৰতি টনত ৮৪০০ টকাৰ হাৰত উইণ্ডফল টেক্স আৰোপ কৰা হৈছিল।

চিবিআইচিয়ে বিবৃতিটোত কয় যে খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্সৰ নতুন হাৰ ১৬ মে’ৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত আজিৰে পৰা কাৰ্যকৰী হৈছে।

আনহাতে ডিজেল, পেট্ৰ’ল আৰু বিমান ইন্ধন অৰ্থাৎ এটিএফৰ ৰপ্তানি শুল্ক শূন্যত ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে। অৰ্থাৎ ডিজেল, পেট্ৰ’ল আৰু এ টি এফ ৰপ্তানিৰ ক্ষেত্ৰত ঘৰুৱা শোধনাগাৰক দিয়া ৰেহাই ভৱিষ্যতেও অব্যাহত থাকিব। ইয়াৰ দ্বাৰা শোধনাগাৰ চলোৱা আৰু দেশৰ বাহিৰৰ বজাৰত ডিজেল, পেট্ৰ’ল আৰু এটিএফৰ দৰে শোধিত সামগ্ৰী বিক্ৰী কৰা ঘৰুৱা কোম্পানীসমূহে লাভৱান হৈ থাকিব।

ইয়াৰ পূৰ্বে ১ মে’তো চৰকাৰে খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল। সেই পৰ্যালোচনাত উইণ্ডফল টেক্স প্ৰতি টনত ৯৬০০ টকাৰ পৰা ৮৪০০ টকালৈ হ্ৰাস কৰা হৈছিল। তাৰ আগতে উইণ্ডফল টেক্স অবিৰতভাৱে বৃদ্ধি কৰা হৈছিল। এমাহ পূৰ্বে ১৬ এপ্ৰিলৰ পৰ্যালোচনাত উইণ্ডফল টেক্স প্ৰতি টনত ৬৮০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে এই বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যালোচনাত প্ৰতি টনত ৪৯০০ টকাৰ পৰা ৬৮০০ টকালৈ বৃদ্ধি কৰা হৈছিল।

ভাৰতত প্ৰথমবাৰৰ বাবে ঘৰুৱাভাৱে উৎপাদিত খাৰুৱা তেলৰ ওপৰত ২০২২ চনৰ জুলাই মাহত আৰোপ কৰা হৈছিল উইণ্ডফল টেক্স। একেদৰে ডিজেল, পেট্ৰ’ল আৰু বিমান ইন্ধনৰ ৰপ্তানিৰ ওপৰতো শুল্ক আৰোপ কৰা হৈছিল। বহু ব্যক্তিগত শোধনাগাৰ কোম্পানীয়ে অধিক মাৰ্জিন লাভৰ বাবে ঘৰুৱা বজাৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে ডিজেল, পেট্ৰল আৰু এ টি এফ ৰপ্তানি কৰিছিল। উইণ্ডফল টেক্সো ৰপ্তানিৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ। চৰকাৰে প্ৰতি পষেকৰ মূৰে মূৰে ইয়াক পুনৰীক্ষণ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰ অনুসৰি বৃদ্ধি বা হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।

ALSO READ: ম‘বাইলৰ টেৰিফ ব্যয়বহুল হ‘ব! ভাৰতী এয়াৰটেলে কয়, শুল্ক মেৰামতি কৰাৰ প্ৰয়োজন আছে