দেশৰ আগশাৰীৰ ব্যৱসায়িক চেম্বাৰ ফিচিচিয়ে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰৰ অনুমান হ্ৰাস কৰিছে। শেহতীয়া অৰ্থনৈতিক দৃষ্টিভংগী সমীক্ষাত ফিচিচিয়ে ভৱিষ্যদ্বাণী কৰিছে যে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.৪ শতাংশ হ’ব পাৰে, যিটো পূৰ্বতে ৭ শতাংশ বুলি অনুমান কৰা হৈছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত উদ্যোগ, বেংকিং আৰু বিত্তীয় সেৱা খণ্ডক প্ৰতিনিধিত্ব কৰা দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ মতামতৰ ভিত্তিত এই সমীক্ষা প্ৰস্তুত কৰা হৈছে।
বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তা আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হোৱাৰ মাজতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত দাখিল কৰিবলৈ ওলাইছে। ইয়াৰ সন্দৰ্ভতো এই অৰ্থনীতিবিদসকলে নিজৰ আশা আৰু ইচ্ছা প্ৰকাশ কৰিছে যিয়ে চৰকাৰী নীতিক দিশ দিব পাৰে। এই অৰ্থনীতিবিদসকলে কয় যে বাজেটত ব্যক্তিগত ব্যৱহাৰ বৃদ্ধি কৰাটোৱেই আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ হ’ব লাগে। ইয়াৰ বাবে বাজেটত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ গাঁথনিৰ লগতে কৰ হাৰ পুনৰীক্ষণ কৰাৰ দাবী উত্থাপন কৰা হৈছে যাতে জনসাধাৰণৰ ব্যৱহাৰযোগ্য আয় বৃদ্ধি কৰিব পৰা যায় আৰু গ্ৰাহকক খৰচ কৰিবলৈ প্ৰেৰণা যোগাব পৰা যায়।
এই সমীক্ষাত অংশগ্ৰহণ কৰা অৰ্থনীতিবিদসকলে কয় যে ২০২৫ চনত ভাৰতৰ অৰ্থনৈতিক দৃষ্টিভংগী ভাল হ’ব বুলি আশা কৰিব পাৰি কিন্তু বহিঃ সংকটৰ বাবে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। কৃষি খণ্ডৰ দৃষ্টিভংগীৰ উন্নতিৰ বাবে গ্ৰাম্য অঞ্চলত ব্যৱহাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত গ্ৰাহকৰ ব্যয় জঁপিয়াই পৰিব। বিগত এবছৰ ধৰি আমাক অশান্তি দি ঘৰুৱা বাজেট নষ্ট কৰা খাদ্যৰ মুদ্ৰাস্ফীতি লাঘৱ হোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ দ্বাৰা মুদ্ৰানীতি কোমল কৰাৰ পিছত সুতৰ হাৰ কমি আহিব পাৰে আৰু ইয়াৰ বাবে খৰচ বৃদ্ধি পাব।
ALSO READ: India To Grow At 6.7 Per Cent For Next 2 Fiscal Years: World Bank
ফিচিচিৰ এই প্ৰতিবেদন অনুসৰি চলিত বিত্তীয় বৰ্ষত খুচুৰা মুদ্ৰাস্ফীতিৰ গড় হাৰ ৪.৮ শতাংশ বুলি অনুমান কৰা হৈছে। সমীক্ষা অনুসৰি ৰাজহুৱা মূলধনী ব্যয়, উৎসৱমুখৰ চাহিদা আৰু বাৰিষাৰ পিছৰ ঔদ্যোগিক কাৰ্যকলাপ স্বাভাৱিক হোৱাৰ বাবে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়াৰ্ধত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০২৪ চনৰ ডিচেম্বৰ মাহত উদ্যোগ, বেংকিং আৰু বিত্তীয় সেৱা খণ্ডক প্ৰতিনিধিত্ব কৰা দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ মতামতৰ ভিত্তিত এই সমীক্ষা প্ৰস্তুত কৰা হৈছে।