newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অষ্টম দৰমহা আয়োগঃ চৰকাৰ গঠনৰ পিছত এতিয়া অষ্টম দৰমহা আয়োগৰ প্ৰস্তুতি, চৰকাৰী কৰ্মচাৰীসকলে কি আশা কৰিছে?

BNE News Desk , June 10, 2024
Spread the love
Share on Twitter

লোকসভা নিৰ্বাচনৰ পিছতে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰিছে। এতিয়া দেশত অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি ১০ বছৰৰ মূৰে মূৰে নতুনকৈ পে কমিচন ৰূপায়ণ কৰে। ২০১৬ চনৰ জানুৱাৰী মাহত কাৰ্যকৰী কৰা হৈছিল ৭ম দৰমহা আয়োগ। এনে পৰিস্থিতিত নতুন চৰকাৰে শীঘ্ৰে পৰৱৰ্তী পে কমিচনৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে।
     কেন্দ্ৰীয় চৰকাৰৰ এক কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে। এই আয়োগে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি সন্দৰ্ভত চৰকাৰক পৰামৰ্শ দাখিল কৰিব। ৮ম দৰমহা আয়োগৰ পৰামৰ্শ ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ’ব পাৰে। ১৯৪৬ চনৰ জানুৱাৰী মাহত ভাৰতত প্ৰথম পে কমিছন স্থাপন কৰা হয়।
       অৱশ্যে অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰী সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। যোৱা ডিচেম্বৰ মাহত চৰকাৰে কৈছিল যে বৰ্তমান অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত কোনো পৰিকল্পনা নাই। এতিয়া ৰাষ্ট্ৰীয় নিৰ্বাচন শেষ। এনে পৰিস্থিতিত চৰকাৰে আয়োগ গঠনৰ দিশত নিৰ্ণায়ক পদক্ষেপ লোৱাৰ প্ৰবল সম্ভাৱনা আছে।

অষ্টম দৰমহা আয়োগ গঠনৰ ফলত প্ৰায় ৪৯ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰ উপকৃত হ’ব। আশা কৰা হৈছে যে অষ্টম পে আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ লগতে তেওঁলোকৰ দৰমহাও বৃদ্ধি পাব। ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ফিটমেণ্ট ফেক্টৰ ৩.৬৮ গুণ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী কৰ্মচাৰীৰ নূন্যতম মৌলিক দৰমহা ১৮ হাজাৰ টকা হোৱাৰ লগে লগে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিয়ে তেওঁলোকৰ মূল দৰমহা ৮ হাজাৰ টকাৰ পৰা ২৬ হাজাৰ টকালৈ বৃদ্ধি কৰিব। ফিটমেণ্ট ফেক্টৰ হৈছে এটা ডাঙৰ সূত্ৰ, যিয়ে অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ দৰমহা আৰু দৰমহা মেট্ৰিক্সত উপনীত হোৱাত সহায় কৰে।
      ৭ম দৰমহা আয়োগত ২.৫৭ গুণ ফিটমেণ্ট ফেক্টৰ প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ বাবে কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় ১৪.২৯ শতাংশ বৃদ্ধি পাইছিল। ইয়াৰ উপৰিও নূন্যতম দৰমহাও ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰা হয়। অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেৱল দৰমহাৰ লগত জড়িত বৈষম্য দূৰ হোৱাই নহয়, মুদ্ৰাস্ফীতিৰ প্ৰভাৱো হ্ৰাস পোৱাৰ আশা কৰা হৈছে। ইয়াৰ ফলত অৱসৰৰ সময়তো সুবিধা বৃদ্ধি পাব।