newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

৫০০০০০ চাকৰি প্ৰদান কৰিব টাটা গ্ৰুপে। চাওঁক কোনকেইটা খণ্ডত দিয়া হ'ব সৰ্বাধিক চাকৰি

BNE News Desk , October 15, 2024
Spread the love
Share on Twitter

টাটা গ্ৰুপে ৫ বছৰৰ কৌশলগত সিদ্ধান্ত লৈছে। ইয়াৰ অধীনত টাটা গ্ৰুপে উৎপাদন খণ্ডত প্ৰায় ৫ লাখ চাকৰিৰ সৃষ্টি কৰিব। টাটা সন্সৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনে কয় যে দেশৰ উৎপাদন খণ্ড ৭.৪ শতাংশ গতিৰে বৃদ্ধি পাইছে। ইয়াত প্ৰায় ১৩ লাখ চাকৰিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও টাটা গ্ৰুপে অৰ্ধপৰিবাহী, বৈদ্যুতিক বাহন, বেটাৰী আৰু আনুষংগিক উদ্যোগসমূহত প্ৰায় ৫ লাখ চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মঙলবাৰে ইণ্ডিয়ান ফাউণ্ডেশ্যন ফৰ ক্বালিটি মেনেজমেণ্টৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনে কয় যে আমি ভাৰতক এখন উন্নত দেশ হোৱাৰ সপোন দেখিছো। ইয়াক সম্পন্ন কৰাত উৎপাদন খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ গৈ আছে। এই খণ্ডত চাকৰিৰ সৃষ্টি নকৰাকৈ আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ব নোৱাৰো। প্ৰতিমাহে প্ৰায় ১০ লাখ লোক ভাৰতৰ কৰ্মশক্তিৰ অংশ হৈ পৰে। গতিকে দেশৰ ভৱিষ্যতৰ বাবে আমি অধিক চাকৰিৰ সৃষ্টি কৰিব লাগিব।

তেওঁ কয় যে টাটা গ্ৰুপে অৰ্ধপৰিবাহী খণ্ডত বৃহৎ বিনিয়োগ কৰিছে। ইয়াৰ সৈতে জড়িত অন্যান্য খণ্ডতো আমি বিনিয়োগ বৃদ্ধি কৰিম। আমাৰ লক্ষ্য আগন্তুক ৫ বছৰত ৫ লাখ চাকৰিৰ সৃষ্টি কৰা। টাটা গ্ৰুপে অসমত এটা বৃহৎ অৰ্ধপৰিবাহী উদ্যোগ স্থাপন কৰিছে। ইয়াৰ উপৰিও আমি ইভি আৰু বেটাৰী নিৰ্মাণৰ কামো কৰি আছো। বৰ্তমান আগন্তুক ৫ বছৰৰ পৰিকল্পনা চূড়ান্ত কৰাৰ কাম চলি আছে। ইয়াৰ সবিশেষ আমি পিছত ক’ম। অৱশ্যে আমি অধিক আৰু অধিক চাকৰি সৃষ্টিৰ ওপৰত গুৰুত্ব দিছো। ইয়াৰ উপৰিও উৎপাদন খণ্ডতো প্ৰায় ৫ লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৃষ্টি হ’ব।
এন চন্দ্ৰশেক্ৰনে কয় যে আমি ১০ কোটি চাকৰিৰ সৃষ্টি কৰিব লাগিব। যদি আমি ৫ লাখ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰো, তেন্তে তেওঁলোকৰ সহায়ত বহুগুণ পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব। ৰাষ্ট্ৰীয় পৰিসংখ্যা সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০২২ বিত্তীয় বৰ্ষত উৎপাদন খণ্ডত ১১ লাখ চাকৰিৰ সৃষ্টি হৈছিল, যিটো ২০২৩ বিত্তীয় বৰ্ষত ১৩ লাখলৈ বৃদ্ধি পাইছে। উৎপাদন খণ্ডত সৰ্বোত্তম প্ৰদৰ্শন কৰা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। ইয়াৰ পিছত আহে গুজৰাট, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ।