দেশৰ সুপৰিচিত উদ্যোগপতি তথা ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ সুধা মূৰ্তি তিনিদিন ধৰি মহাকুম্ভত উপস্থিত হৈছে। তিনিদিন মহাকুম্ভত থাকি সংগমত পবিত্ৰ ডুব যোৱাৰ প্ৰতিশ্ৰুতি দিছে সুধা মূৰ্তিয়ে। আজি তেওঁ ঘূৰি আহিব। আজি মহাকুম্ভত থকাৰ অন্তিম দিনটোত ইস্কনৰ সৈতে সুধা মূৰ্তিয়ে ভক্তসকলৰ মাজত মহাপ্ৰসাদ বিতৰণ কৰে।
মহাকুম্ভৰ অভিজ্ঞতাৰ বিষয়ে কওঁতে সুধা মূৰ্তিয়ে কয় যে ১৪৪ বছৰত এবাৰ মহাকুম্ভ আহে আৰু ইয়াত উপস্থিত হৈ তেওঁ অতি সুখী। এই সময়ছোৱাত সংবাদ মাধ্যমৰ লগত কথা পাতি থাকোঁতে তেওঁ ক’লে যে মোৰ মাতৃৰ ফালৰ পৰা ককা-আইতা মহাকুম্ভলৈ আহিব পৰা নাছিল, গতিকে মই তেওঁলোকৰ নামত তৰ্পন আগবঢ়াবলৈ আহিছো। মই ইয়াত উপস্থিত হৈ বহুত সুখী।
ALSO READ: "Entrepreneur ক আৰ্থিকভাৱে সহায় কৰিবলৈ সকলো মূহুৰ্ততে সাজু NEDFi "- মেনেজাৰ, নেডফি
তেওঁ কৰ্ণাটকৰ পৰা আহিছে বুলি ক’লে। তেওঁৰ ককা-আইতাৰো মহাকুম্ভলৈ আহিব বিচাৰিছিল, কিন্তু তেওঁলোকৰ সময়ত ইয়ালৈ অহাৰ বিশেষ সুবিধা নাছিল, সেয়েহে আহিব নোৱাৰিলে। আপোনালোকক কওঁ যে হিন্দু ধৰ্মত পূৰ্বপুৰুষৰ নামত তৰ্পন আগবঢ়োৱাৰ অতি গুৰুত্ব আছে। ইয়াৰ ফলত মৃতকৰ আত্মাই শান্তি পোৱা যায় বুলি প্ৰচলিত। মৃত পূৰ্বপুৰুষক পানী আগবঢ়াই তেওঁলোকে কেৱল পৰিত্ৰাণ লাভ কৰাই নহয়, আমি তেওঁলোকৰ আশীৰ্বাদো পাওঁ। পিতৰা দোষৰ পৰা পৰিত্ৰাণ পাবলৈও তৰ্পনৰ প্ৰয়োজন।