newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আৰ বি আইৰ উৎকৃষ্ট মন্তব্যৰ পিছতো এফ এম চি জিৰ ষ্টকত বিক্ৰীৰ বাবে হ্ৰাস পাইছে বজাৰ, নিফ্টী বন্ধ হৈছিল ২৫০০০ৰ তলত

BNE News Desk , October 10, 2024
Spread the love

আৰ বি আইৰ মুদ্ৰানীতিত আগন্তুক দিনত সুতৰ হাৰ হ্ৰাস পোৱাৰ ইংগিত পোৱা গৈছে। ইয়াৰ পিছতো এফএমচিজি আৰু শক্তিৰ শ্বেয়াৰ বিক্ৰীৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যৱসায়ৰ অন্তিম ঘণ্টাত হ্ৰাস পাইছে। দিনটোৰ উচ্চতম স্তৰৰ পৰা নিফ্টিয়ে ২৮০ পইণ্ট আৰু চেন্সেক্সে ১০০০ পইণ্ট পিছলি যায়। আনহাতে বজাৰত ৰাতিপুৱাৰ পৰাই বৃহৎ গতিৰে ব্যৱসায় চলি আছিল। অৱশ্যে মিডকেপ আৰু স্মলকেপৰ ষ্টক বৃদ্ধি পাইছে। ব্যৱসায়ৰ শেষত বিএছই চেন্সেক্স ১৬৮ পইণ্ট হ্ৰাস পাই ৮১,৪৬৭ পইণ্ট আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ৩১ পইণ্ট হ্ৰাস পাই ২৪৯৮১ পইণ্টত বন্ধ হয়।

৩০টা চেন্সেক্স ষ্টকৰ ভিতৰত ২১টা ষ্টক লাভৰ সৈতে বন্ধ হোৱাৰ বিপৰীতে ৯টা ষ্টক লোকচানৰ সৈতে বন্ধ হয়। নিফটিৰ ৫০টা ষ্টকৰ ভিতৰত ২৯টা লাভৰ সৈতে বন্ধ হোৱাৰ বিপৰীতে ২১টা লোকচানৰ সৈতে বন্ধ হয়। বৃদ্ধি পোৱা ষ্টকসমূহৰ ভিতৰত টাটা মটৰ্ছৰ ২.১৫ শতাংশ, টেক মহিন্দ্ৰা ১.৯২ শতাংশ, মাৰুতি চুজুকি ১.৮০ শতাংশ, এছ বি আই ১.৬৬ শতাংশ, বাজাজ ফাইনেন্স ১.৫৭ শতাংশ, এক্সিছ বেংক ১.৫০ শতাংশ, ভাৰতী এয়াৰটেলৰ ১.৪৪ শতাংশ, বাজাজ ফিনচাৰ্ভ ১.৩৫ শতাংশ বৃদ্ধিৰে বন্ধ হয়। আনহাতে, হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত আইটিচি ৩.০৮ শতাংশ, নেচলে ২.২১ শতাংশ, ৰিলায়েন্স ১.৬৫ শতাংশ, এইচ ইউ এল ১.৪৭ শতাংশ, এল এণ্ড টি ১.১৩ শতাংশ, ইণ্ডুছইণ্ড বেংক ০.৯৭ শতাংশ হ্ৰাস পাই বন্ধ হয়।
   
চেন্সেক্স-নিফটিৰ পতনৰ পিছতো ভাৰতীয় শ্বেয়াৰ বজাৰৰ মাৰ্কেট কেপ বৃদ্ধি পাইছে। বিএছইত তালিকাভুক্ত ষ্টকৰ মাৰ্কেট কেপ ৪৬২.৪৩ লাখ কোটি টকাত বন্ধ হয়, যিটো পূৰ্বৰ অধিবেশনত ৪৫৯.৫০ লাখ কোটি টকা আছিল। অৰ্থাৎ আজিৰ অধিবেশনত বিনিয়োগকাৰীৰ সম্পদত ৩ লাখ কোটি টকাৰ জঁপিয়াই পৰিছে। অটো, আই টি, ফাৰ্মা, ৰিয়েল এষ্টেট, মিডিয়া, হেল্থকেয়াৰ, কনজিউমাৰ ডুৰেবলছ খণ্ডৰ শ্বেয়াৰ আজিৰ ব্যৱসায়ত বৃদ্ধি পাইছে। আনহাতে এফএমচিজি, বেংকিং, শক্তি আৰু তেল আৰু গেছ খণ্ডৰ শ্বেয়াৰ হ্ৰাস পাইছে। আজিৰ ট্ৰেডিঙত মিডকেপ আৰু স্মলকেপ ষ্টকত সৰ্বোচ্চ সেউজীয়া হোৱা দেখা গৈছে।