বেয়া সংকেত আৰু ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰীৰ গধুৰ বিক্ৰীৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত অৱনতি বৃদ্ধি পাইছে আৰু নিফটিত ৫৫০ পইণ্টতকৈ অধিক হ্ৰাস পাই চেন্সেক্স ১৮০০ৰ ব্যৱসায় চলি আছে। বেংকিং, এফএমচিজি, অটো আৰু আইটি শ্বেয়াৰৰ দ্ৰুত বিক্ৰীৰ বাবে বজাৰত এই হ্ৰাস ঘটিছে। ১১৭০ পইণ্ট হ্ৰাস পাই নিফ্টি বেংকৰ ব্যৱসায় চলি আছে। ইয়াৰ উপৰিও মিডকেপ আৰু স্মলকেপৰ ষ্টক হ্ৰাস পাইছে। বৰ্তমান চেন্সেক্সৰ মূল্য ১৮০০ পইণ্ট হ্ৰাস পাই ৮২,৪৬৬ পইণ্টত আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিৰ মূল্য ৫৫৮ পইণ্ট হ্ৰাস পাই ২৫,২৪০ পইণ্টত ব্যৱসায় কৰা হৈছে।
শ্বেয়াৰ বজাৰত অৱনতিৰ পৰিস্থিতি এনেকুৱা যে ৩০টা চেন্সেক্স ষ্টকৰ ভিতৰত ২টা ষ্টক বৃদ্ধিৰ সৈতে আৰু ২৮টা পতনৰ সৈতে ব্যৱসায় কৰি আছে। নিফটিৰ ৫০টা ষ্টকৰ ভিতৰত মাত্ৰ ৪টা ষ্টকহে বৃদ্ধি পোৱাৰ বিপৰীতে ৪৬টা ষ্টকে হ্ৰাস পাইছে। বৃদ্ধি পোৱা ষ্টকসমূহৰ ভিতৰত জে এছ ডব্লিউ ষ্টীলে ১.৭৬ শতাংশ, টাটা ষ্টীলৰ ০.৩০ শতাংশ, অ’ এন জি চিৰ ০.১৯ শতাংশ, ডাঃ ৰেড্ডীৰ ০.০৩ শতাংশ বৃদ্ধিৰে ব্যৱসায় চলি আছে। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত এল এণ্ড টি ৪১.৪ শতাংশ, মাৰুট চুজুকি ৪.০৫ শতাংশ, এছিয়ান পেইণ্টছ ৪.০৪ শতাংশ, ৰিলায়েন্স ৩.৭৫ শতাংশ, এক্সিছ বেংক ৩.৭০ শতাংশ, বাজাজ ফিনচাৰ্ভ ৩.৭০ শতাংশ, বাজাজ ফাইনেন্স ৩.৬৭ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে।
বজাৰ অৱনতিৰ ছুনামীৰ বাবে বিনিয়োগকাৰীয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। বিএছইত তালিকাভুক্ত ষ্টকৰ মাৰ্কেট কেপ ১০.৫৮ লাখ কোটি টকা হ্ৰাস পাই ৩৬৪.২৮ লাখ কোটি টকা হৈছে, যিটো পূৰ্বৰ অধিবেশনত আছিল ৩৭৪.৮৬ লাখ কোটি টকা।
ইৰাণ আৰু ইজৰাইলৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ ষ্টকত দেখা গৈছে আৰু ভাৰতীয় শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ অস্পৃশ্য নহয়। মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ বাবে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। উত্তেজনাৰ বাবে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৫ ডলাৰৰ ওচৰ পালেগৈ যাৰ বাবে ভাৰতীয় বজাৰ হ্ৰাস পায়।
লগতে, ১ অক্টোবৰ মঙলবাৰে ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছেবিয়ে ফিউচাৰ আৰু অপচনৰ ক্ষেত্ৰত কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰ ২০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ বাবেই বজাৰত হতাশাৰ সৃষ্টি হৈছে। লগতে চীনত ৰিলিফ পেকেজৰ ঘোষণাৰ পিছত বিনিয়োগকাৰীয়ে চীনৰ ফালে মুখ কৰিছে যাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত অস্বস্তিৰ সৃষ্টি হৈছে।