newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

উত্তৰ-পূব ভাৰতক বিশ্ববাণিজ্যৰ দিশে আগবঢ়াইছে S.M. ফৰিদে

Radhika Daimary , May 23, 2025
Spread the love
Share on Twitter

S.M. ফৰিদ হৈছে Northeast India ASEAN Chamber of Commerce-ৰ প্ৰতিষ্ঠাপক আৰু নিৰ্দেশক। তেওঁ মুম্বাইত foreign trade লৈ স্নাতক কৰে আৰু বহুবছৰ বাণিজ্য আৰু বিনিয়োগ পৰামৰ্শৰ সৈতে জড়িত থাকে। চাকৰি কৰাৰ সময়তেই তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰে, কিন্তু পৰিয়ালত সমস্যা হোৱাত তেওঁ ঘৰলৈ উভতি আহে আৰু পুনৰ ব্যৱসায় আৰম্ভ কৰে।

২০০৫ চনত তেওঁ প্ৰথমবাৰ থাইলেণ্ডলৈ ৰয়েল থাই এম্বেচীৰ আমন্ত্ৰণত যায় আৰু তেতিয়াৰ পৰাই দক্ষিণ-পূব এছিয়া আৰু উত্তৰ-পূব ভাৰতৰ মাজৰ সম্ভাৱনাৰ কথা উপলব্ধি কৰে। তাৰ পাছত বহুজনৰ পৰামৰ্শ অনুসৰি তেওঁ নিজৰ পৰামৰ্শ সংস্থা আৰম্ভ কৰে।

২০১৭ চনত তেওঁ Northeast India ASEAN Chamber of Commerce আৰম্ভ কৰে আৰু প্ৰতিখন ৰাজ্যত এজন State Head নিযুক্ত কৰে। তেওঁ কয় যে তথ্য সংগ্ৰহ আৰু সঠিক উৎসৰ লগত যোগাযোগ কৰাটো এটা ডাঙৰ সমস্যা। সেই বাবে বাস্তৱিকভাৱে ঠাইত গৈ কাম কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ ভাবে।

চেম্বাৰৰ কাম-কাজৰ অংশ হিচাপে তেওঁ বাংলাদেশ, ম্যানমাৰ আৰু মেঘালয়ৰ Exporters & Importers Chamber-ৰ লগত জড়িত। সীমান্ত অঞ্চলত warehouse, storage, আৰু road connectivity-ৰ সমস্যাৰ ওপৰত তেওঁ বহু ৰিপোৰ্ট আগবঢ়াইছে।

ম্যানমাৰৰ লগত সীমান্ত বাণিজ্য এতিয়া ৰাজনৈতিক সমস্যাৰ বাবে বন্ধ আছে যদিও, তেওঁ বিশ্বাস কৰে ভবিষ্যতে ই ডাঙৰ সুযোগ হ’ব। তেওঁ কয় যে যদি উত্তৰ-পূব ভাৰতে দক্ষিণ-পূব এছিয়াৰ ১০খন দেশৰ লগত সঁজুলিবদ্ধভাৱে কাম কৰে, তেন্তে "sky is the limit"।

বাংলাদেশ আৰু ম্যানমাৰৰ বহু সামগ্ৰী ভাৰতৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয় ৮০-৯০% সামগ্ৰী সেই দেশবোৰে ভাৰতৰ পৰা লৈ যায়, আৰু এই বাণিজ্য সঠিকভাৱে নিয়মিত হ’লে দুয়োফালে লাভ হ’ব।

ALSO READ: Assam CM Distributes 2025 MASI Grants to 24 Startups, Reinforces State’s Commitment to Innovation

২০২৫ চনত বৰ্তমানে ম্যানমাৰৰ সীমান্ত বন্ধ থাকিবলৈ কাম অলপ হৈছে যদিও কিছু অনানুষ্ঠানিক বাণিজ্য চলি আছে। Act East Policy ভাল হ’লেও ম্যানমাৰৰ সমস্যাৰ বাবে বহু প্ৰকল্প পূৰ্ণ হোৱা নাই।

তেওঁ কয় যে আজিৰ বাণিজ্য জগতখন ৰাজনীতি আৰু বিশ্ব পৰিস্থিতিৰ সৈতে জড়িত। এতিয়া দক্ষিণ-পূব এছিয়াৰ দেশবোৰ বহুত আগবাঢ়িছে, আৰু আমাৰ লৰা-ছোৱালীয়েও আগবঢ়াৰ প্ৰয়াস কৰিব লাগে।

শেষত তেওঁ কয় যে অসমৰ পৰা খুব কম মানুহ এই পৰামৰ্শ ক্ষেত্ৰত আছে, কিন্তু তেওঁ ২০ বছৰৰ অভিজ্ঞতা লৈ এই ক্ষেত্ৰত কাম কৰি আছে। ভবিষ্যতত তেওঁ skill development, global network আৰু international export ৰ ওপৰত কাম কৰাৰ পৰিকল্পনা ৰাখে। তেওঁৰ বিশ্বাস, উত্তৰ-পূব ভাৰত এক্সপোৰ্ট আৰু ইণ্টাৰনেচনেল হাব হিচাপে উন্নীত হ’ব পাৰে।