newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

SIDBI-SWAVALAMBAN MELA 2024 ৰ বাবে সাজু হওঁক । আপুনিও হ'ব পাৰে স্বাৱলম্বী

Darshana Borah , June 12, 2024
Spread the love

১৪ জুনৰ পৰা ১৮ জুনলৈ দিশপুৰ নেডফি কনভেনচন চেন্টাৰত অনুষ্ঠিত হ'ব স্বাৱলম্বন মেলা ২০২৪ । ভাৰতৰ MSME সমূহৰ প্ৰচাৰ, বিত্তীয় সাহাৰ্য্য আৰু উন্নয়নৰ বাবে প্ৰধান বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় লঘূ উদ্যোগ উন্নয়ন বেংক চমুকৈ (SIDBI) য়ে অনুষ্ঠিত কৰিব এই মেলা। এই অনুষ্ঠানত SIDBI, গুৱাহাটীৰ উপ-মহাপ্ৰবন্ধক প্ৰদীপ কুমাৰ নাথকে ধৰি SIDBI ৰ গুৰুত্বপূৰ্ণ বিষয়াসকলে অংশগ্ৰহণ কৰিব ।

এই মেলাৰ প্ৰধান দিশসমূহ হ'ল বৃদ্ধিৰ ধাৰণা, বিনিময় আৰু বিক্ৰী বৃদ্ধিৰ বাবে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ। বেংকিং আৰু আনুষ্ঠানিক ঋণ ব্যবস্থাৰ সৈতে সংযোগ স্থাপনৰ বাবে SIDBI য়ে সুবিধা প্ৰদান কৰা ।

উল্লেখযোগ্য যে দৈনিক পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব এইখন স্বাৱলম্বন মেলা।

ALSO READ: Vehicles Insurance: গাড়ীৰ বীমা নাই নেকি আপোনাৰ? যদি নাই, তেন্তে জে‘ললৈ যাব লাগিব আপুনি, চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত