শান্তনু নাইডু টাটা মটৰছৰ জেনেৰেল মেনেজাৰ আৰু ষ্ট্ৰেটেজিক ইনিচিয়েটিভছৰ মুৰব্বী হৈ পৰিছে। লিংকডইনত এটা আৱেগিক পোষ্টৰ জৰিয়তে তেওঁ এই তথ্য দিছিল।
এই পোষ্টটোত শান্তনুৱে লিখিছে, "টাটা মটৰছৰ জেনেৰেল মেনেজাৰ আৰু ষ্ট্ৰেটেজিক ইনিচিয়েটিভছৰ মুৰব্বী হিচাপে মোৰ নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ ওলাইছো বুলি জনাবলৈ পাই সুখী হৈছো।" মনত আছে যেতিয়া দেউতাই টাটা মটৰছৰ প্লাণ্টৰ পৰা বগা চাৰ্ট আৰু নেভি পেণ্ট পিন্ধি ঘৰলৈ আহিছিল আৰু মই খিৰিকীত তেওঁৰ বাবে অপেক্ষা কৰিছিলোঁ। এতিয়া এই চক্ৰটো সম্পূৰ্ণ হৈ উঠিছে।
শান্তনু নাইডুৱে ২০১৪ চনত সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ লগতে ২০১৬ চনত কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰে। ২০১৮ চনত শান্তনুৱে ৰতন টাটাৰ সহায়ক হিচাপে কাম আৰম্ভ কৰে। এই সময়ছোৱাত দুয়োৰে বন্ধুত্বই বহু লোকক আকৰ্ষণ কৰিছিল। শান্তনুৱে ৰতন টাটাৰ জন্মদিনৰ গান গোৱাৰ ভিডিঅ’ও ভাইৰেল হৈ পৰে।
ALSO READ: ভাৰতে পাব ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ উপহাৰ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে দিলে তথ্য
পেছাত অটোমোবাইল ডিজাইন ইঞ্জিনিয়াৰ শান্তনু নাইডুৱে ২০১৪ চনতে গৃহহীন কুকুৰক দ্ৰুতবেগী বাহনৰ খুন্দাত পৰাৰ পৰা বচাবলৈ এক পদক্ষেপ আৰম্ভ কৰিছিল। ৰতন টাটাই শান্তনুৰ বোবা জন্তুৰ প্ৰতি থকা প্ৰেম লক্ষ্য কৰি শান্তনুৰ প্ৰজেক্টত বিনিয়োগ কৰিলে আৰু এনেকৈয়ে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল।
শান্তনুৱে তেওঁৰ ‘আই কেম আপন এ লাইটহাউচ’ নামৰ গ্ৰন্থখনতো ৰতন টাটাৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথা উল্লেখ কৰিছে। শান্তনু নাইডুৱে ৰতন টাটাক কৈছিল যে তেওঁ নিজৰ ব্যক্তিত্বৰ অস্পৃশ্য দিশবোৰ তেওঁৰ কিতাপখনত উল্লেখ কৰিব বিচাৰে। টাটাই এই কথাত সন্মতি দিলে।