newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

১৫০০০ ৱেবচাইট আৰু বহু প্ৰভাৱশালী ব্যক্তিক নিষিদ্ধ কৰিলে ছেবিয়ে! শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে সৃষ্টি কৰিছিল বিভ্ৰান্তিৰ

BNE News Desk , December 30, 2024
Spread the love
Share on Twitter

যদি আপুনিও ইউটিউব আৰু ইনষ্টাগ্ৰামত ষ্টক মাৰ্কেটৰ প্ৰভাৱশালীসকলক চাই যিকোনো শ্বেয়াৰ ক্ৰয় বা বিক্ৰী কৰে, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। দৰাচলতে ২০২৪ চনত শ্বেয়াৰ বজাৰ সন্দৰ্ভত মানুহক বিপথে পৰিচালিত কৰা বহু লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ এনে এজন প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও এইবাৰ ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে ১৫০০০ৰো অধিক কন্টেন্ট চাইট নিষিদ্ধ কৰিছে।
         
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত ভুল তথ্য দি মানুহক বিপথে পৰিচালিত কৰা লোকসকলৰ বিৰুদ্ধে এইবাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়াই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। ছেবিয়ে ১৫ হাজাৰৰো অধিক কন্টেন্ট চাইট আৰু বহু বিত্তীয় প্ৰভাৱশালীক নিষিদ্ধ কৰিছিল। এই আটাইকেইজন লোকে ছ’চিয়েল মিডিয়াত বিনিয়োগৰ ভুল পৰামৰ্শ দি বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰাৰ লগতে কষ্টোপাৰ্জিত ধনৰ লোকচান কৰাৰ অভিযোগ উত্থাপন হৈছে।    
         
চলিত বৰ্ষৰ একচনত ছেবিয়ে ৰবীন্দ্ৰ বালু ভাৰতী আৰু নাছিৰুদ্দিন আনছাৰীৰ দৰে বহু পৰিচিত বিত্তীয় প্ৰভাৱশালী ব্যক্তিক নিষিদ্ধ কৰিছিল। ‘বাপ অৱ চাৰ্ট’ নামেৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত সক্ৰিয় আছিল আনছাৰীয়ে, য’ত তেওঁ শ্বেয়াৰ ক্ৰয়-বিক্ৰয়ৰ পৰামৰ্শ দিছিল। ছেবিয়ে আনছাৰী আৰু তেওঁৰ সহযোগীসকলক এচক্ৰ’ একাউণ্ট খুলি ১৭ কোটি টকা জমা কৰিবলৈ নিৰ্দেশ দিছে। এই ধনৰাশিৰ সহায়ত সেই বিনিয়োগকাৰীসকলক ধন ঘূৰাই দিয়া হ’ব যিসকলে তেওঁলোকৰ সেৱা ব্যৱহাৰ কৰিছিল।

ALSO READ: বাজেট ২০২৫: পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ দাবী, কৰদাতাই কৰ বোজাৰ পৰা পাব লাগে সকাহ !
     
ইয়াৰ উপৰিও আনছাৰীৰ বিৰুদ্ধে ২০ লাখ টকাৰ জৰিমনা বিহা হৈছে। পদ্মতী, টাব্ৰেজ আব্দুল্লা, ৱানী, বামশীকে ধৰি তেওঁৰ সহযোগীসকলকো ২ লাখ টকা জৰিমনা বিহা হয়। শুভাংগী ৰবীন্দ্ৰ ভাৰতী, ৰাহুল অনন্ত গোসাৱী আৰু ধনশ্ৰী চন্দ্ৰকান্ত গিৰীকো শ্বেয়াৰ বজাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে  
       
ছেবিৰ তদন্তত প্ৰকাশ পাইছে যে এই প্ৰভাৱশালীসকলে কোনো ধৰণৰ ডিচক্লেইমাৰ নোহোৱাকৈ বিশেষ ষ্টকক প্ৰচাৰ কৰিছিল। তেওঁ নিজৰ ব্যক্তিগত লাভৰ বাবে কোম্পানীবোৰৰ পৰা ধন লৈছিল আৰু বিনিময়ত তেওঁলোকৰ ষ্টকবোৰৰ পৰামৰ্শ দিছিল। ইয়াৰ ফলত বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰাই নহয়   বজাৰত ষ্টকৰ মূল্যও বৃদ্ধি পালে, যিটো বজাৰৰ নিয়মৰ বিৰুদ্ধে।   
     
আজিকালি বিত্তীয় প্ৰভাৱশালী লোক, যাক fininfluencers বুলিও কোৱা হয়, ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। এই লোকসকলে শ্বেয়াৰ বজাৰত দ্ৰুত ধন উপাৰ্জন কৰিবলৈ কৌশল কোৱা বুলি দাবী কৰে। যদিও ইয়াৰে কিছুমানে সঠিক তথ্য প্ৰদান কৰে, তথাপিও বহু প্ৰভাৱশালী ব্যক্তিয়ে নিজৰ অনুগামীসকলৰ আস্থাৰ সুবিধা লয়। এই কাৰণেই ছেবিয়ে বিনিয়োগকাৰীক কেৱল প্ৰমাণিত বিনিয়োগ উপদেষ্টাৰ পৰাহে পৰামৰ্শ ল’বলৈ পৰামৰ্শ দিছে। ছ’চিয়েল মিডিয়াত দিয়া পৰামৰ্শ পৰীক্ষা নকৰাকৈ বিনিয়োগ কৰাটো বিপদজনক হ’ব পাৰে।