newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

Deendayal Antyodaya Yojana- National Rural Livelihood Mission (DAY-NRLM) ৰ অধীনত গুৱাহাটীতো অনুষ্ঠিত 'Sanjha Mela'

Darshana Borah , December 28, 2024
Spread the love
Share on Twitter

দেশৰ ২৫ চহৰত আৰম্ভ হৈছে phase-2 Deendayal Antyodaya Yojana- National Rural Livelihood Mission (DAY-NRLM) ৰ অধীনত 'Sanjha Utshav' । গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেল পথাৰটো ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই মেলা ।
     
যোৱা ২৬ ডিচেম্বৰত গৃহ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এই মেলাৰ শুভাৰম্ভ কৰে । প্ৰায় ৫০ খন ষ্টল থকা এই মেলাত মহিলাসকলক নিজৰ উৎপাদিত সামগ্রীসমূহ ক্ৰয় বিক্ৰয় কৰিবৰ বাবে এখন প্লেটফৰ্মৰ ব্যৱস্থা কৰি দিয়া হৈছে ।
     
ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে আত্ম সহায়ক গোট সমূহৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সবল কৰি তোলা । আৰু তেওঁলোকক এখন বজাৰৰ সুবিধা কৰি দিয়া । গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ বাবে কেৱল গোট সমূহক নহয়, গোটৰ প্ৰতি গৰাকী মহিলাক ব্যৱসায়ৰ বাবে আগবঢ়াই নিবলৈ চেষ্টা কৰি থকা হৈছে । মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমীতা আচঁনিৰ জৰিয়তে ২০২৫ চনৰ মাজ ভাগত আত্মসহায়ক গোটৰ প্ৰতি গৰাকী মহিলাক ১০০০০ টকাকৈ আৰ্থিক সুবিধা আগবঢ়োৱা হ'ব আৰু দ্বিতীয় পৰ্যায়ত ১৫০০০ টকা দিয়া হ'ব বুলি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । 

ALSO READ: Brahmaputra Riverfront Development Project Almost Complete, Inauguration In March 2025
   
উল্লেখযোগ্য যে চহৰ অঞ্চলত প্ৰায় ৩০ হাজাৰ আত্ম সহায়ক গোটত ৩ লাখতকৈও অধিক মহিলা জৰিত হৈ আছে । তেওঁলোকৰ উন্নয়নৰ বাবে বিভিন্ন কাম কৰি থকা হৈছে বুলিও জয়ন্তমল্ল বৰুৱাই মন্তব্য কৰে । চৰকাৰে বিগত বৰ্ষত PM SVAnidhi আচঁনিৰ জৰিয়তে সমাজৰ সাধাৰণ লোকসকলক প্ৰথম অৱস্থাত ১০ হাজাৰ টকাৰ ঋণ প্ৰদান কৰা হৈছিল । আৰু এই ঋণৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায় আগবঢ়াই নিবলৈ দিয়া হৈছিল আৰু ইতিবাচক ফল লাভ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে । চাওঁক এই বিশেষ প্ৰতিবেদন ।