আৰ বি আইৰ নতুন ৰাজ্যপাল হ’ব সঞ্জয় মালহোত্ৰা। কেন্দ্ৰীয় কেবিনেটে তেওঁক নিযুক্তিৰ বাবে অনুমোদন জনাইছে। অহা ১১ ডিচেম্বৰত দায়িত্ব ল’ব সঞ্জয় মালহোত্ৰাই। কওঁ, সঞ্জয় মালহোত্ৰা ১৯৯০ চনৰ আই এ এছ বেচৰ বিষয়া, যি এতিয়ালৈকে ৰাজহ সচিব আছিল। তেওঁৰ নিযুক্তিৰ কথা ক’বলৈ গ’লে ৩ বছৰৰ বাবে হ’ব। কাইলৈ শেষ হ’ব বৰ্তমানৰ ৰাজ্যপাল শক্তিকান্ত দাসৰ কাৰ্যকাল।
সঞ্জয় মালহোত্ৰা ৰাজস্থান কেডাৰৰ ১৯৯০ বেটচ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) বিষয়া। কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)ৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
৩৩ বছৰীয়া কেৰিয়াৰত তেওঁ শক্তি, বিত্ত আৰু কৰ, তথ্য প্ৰযুক্তি, খনন আদি বিভিন্ন খণ্ডত উৎকৃষ্ট নেতৃত্ব আৰু অভিজ্ঞতা প্ৰদৰ্শন কৰিছে। বৰ্তমান তেওঁ বিত্ত মন্ত্ৰালয়ত ৰাজহ সচিব হিচাপে কাম কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ বিত্ত মন্ত্ৰালয়ৰ অধীনত বিত্তীয় সেৱা বিভাগৰ সচিব পদত অধিষ্ঠিত আছিল।
ALSO READ: মিউচুৱেল ফাণ্ডঃ মোটিলাল অছৱাল মিউচুৱেল ফাণ্ডে ২টা আন্তঃৰাষ্ট্ৰীয় ফাণ্ডত নতুন এছআইপি আৰু টপ-আপ নিষিদ্ধ কৰিলে
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয় পৰ্যায়ৰ বিত্ত আৰু কৰ ক্ষেত্ৰত তেওঁৰ গভীৰ অভিজ্ঞতা আছে। বৰ্তমানৰ কাৰ্যকালত তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ সম্পৰ্কীয় নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
শক্তিকান্ত দাসে সেৱাত সম্প্ৰসাৰণ পাব পাৰে বুলি যোৱা কিছুদিন ধৰি চৰ্চা চলিছিল। দৰাচলতে শনিবাৰে সন্ধিয়া শক্তিকান্ত দাসে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ বাবেই চৰ্চা চলি আছিল যে বৰ্তমানৰ ৰাজ্যপালগৰাকীয়েহে সেৱাত বৃদ্ধি পাব পাৰে। কিন্তু এয়া নহ’ল আৰু এতিয়া ১৯৯০ বেটচ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ ৰাজস্থান কেডাৰ সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে।