newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

পেট্ৰ‘ল আৰু ডিজেলৰ পৰা ৰাজ্য চৰকাৰে কিমান উপাৰ্জন কৰে, সম্পূৰ্ণ হিচাপ জানি লওঁক

BNE News Desk , June 19, 2024
Spread the love

এন ডি এৰ তৃতীয় কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক পুনৰবাৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। তেওঁ এই পদ গ্ৰহণ কৰাৰ লগে লগে পেট্ৰলিয়াম সামগ্ৰীক জি এছ টিৰ পৰিসৰৰ অধীনলৈ অনাৰ খবৰ তীব্ৰতৰ হৈ পৰিছে।

দৰাচলতে পুৰীয়ে শেহতীয়াকৈ কৈছে যে তেওঁ পেট্ৰ’ল, ডিজেল, প্ৰাকৃতিক গেছৰ দৰে সামগ্ৰীক জি এছ টিৰ পৰিসৰৰ অধীনলৈ অনাৰ কথা চিন্তা কৰিছে। মানুহে আশা কৰে যে যদি এনেকুৱা হয় তেন্তে নিশ্চিতভাৱে ইন্ধনৰ ব্যয়বহুল মূল্যৰ পৰা কিছু সকাহ পাব।

এই সিদ্ধান্তই ৰাজ্যখনে লাভ কৰা কৰ ৰাজহৰ ওপৰত কিমান প্ৰভাৱ পেলাব, সেই সন্দৰ্ভতো এটা প্ৰশ্ন উত্থাপন হয়। এই প্ৰতিবেদনত ৰাজ্য চৰকাৰসমূহে পেট্ৰ’ল-ডিজেলৰ পৰা কিমান উপাৰ্জন কৰে, আৰু জি এছ টিৰ পৰিসৰৰ আওতালৈ আহিলে লাভৱান হ’ব নে লোকচান হ’ব, সেই বিষয়ে বিতংভাৱে জনাওক চৰকাৰসমূহৰ বাবে সদায় পেট্ৰলিয়াম সামগ্ৰীয়ে কৰ উপাৰ্জনৰ আটাইতকৈ ডাঙৰ উৎস হৈ আহিছে। চৰকাৰী তথ্য অনুসৰি বহু ৰাজ্যই পেট্ৰলিয়াম সামগ্ৰীৰ পৰা যথেষ্ট কৰ ৰাজহ লাভ কৰে, কিছুমান ৰাজ্যই পেট্ৰলিয়াম সামগ্ৰীৰ পৰা মুঠ কৰৰ এক পঞ্চমাংশ লাভ কৰে।

পেট্ৰলিয়াম প্লেনিং এণ্ড এনালাইছিছ চেল (পিপিএচি) আৰু ভাৰতীয় নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (চিএজি)ৰ তথ্য অনুসৰি ২০২৪ চনৰ বিত্তীয় বৰ্ষত গুজৰাটৰ মুঠ কৰ ৰাজহৰ ১৭.৬ শতাংশ পেট্ৰলিয়াম সামগ্ৰীৰ পৰা আহিছিল। একেদৰে তামিলনাডুৰ ১৪.৬ শতাংশ কৰ আৰু মহাৰাষ্ট্ৰৰ ১২.১ শতাংশ কৰ কেৱল পেট্ৰ’ল ডিজেলৰ পৰাই আদায় কৰা হৈছিল। কেৱল এয়াই নহয়, চৰকাৰী তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষৰ ৯ মাহত পেট্ৰলিয়াম সামগ্ৰীৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে ৫ লাখ ৪৫ হাজাৰ ২ কোটি টকা উপাৰ্জন কৰিছিল। আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত ৭৭৪,৪২৫ কোটি, ২০২০-২১ বিত্তীয় বৰ্ষত ৬৭২,৭১৯ কোটি, ২০১৯-২০ বিত্তীয় বৰ্ষত ৫৫৫,৩৭০ কোটি, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৫৭৫,৬৩২ কোটি আৰু ৫৪৩,০২৬ কোটি টকা ২০১৭-১৮ বিত্তীয় বৰ্ষত আয় হৈছিল পেট্ৰলিয়াম সামগ্ৰীৰ পৰা।

বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এক প্ৰতিবেদনত গ্ৰাণ্ট থৰ্ণ্টন ইণ্ডিয়াৰ অংশীদাৰ কৃষ্ণ অৰোৰাই কয় যে পেট্ৰ’ল আৰু ডিজেলক জি এছ টিৰ অধীনত আনিলে কৰ ব্যৱস্থা সুশৃংখলিত হ’ব পাৰে আৰু ইন্ধনৰ খৰচো হ্ৰাস পাব পাৰে। ইন্ধন কৰ ৰাজহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ৰাজ্যসমূহৰ বাবে এনে সিদ্ধান্ত এক উল্লেখযোগ্য প্ৰত্যাহ্বান হ’ব।

যোৱা এটা দশকত প্ৰায় সকলো ৰাজ্যতে পেট্ৰ’ল-ডিজেল ক্ৰয়ৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ বাবে ৰাজ্যসমূহৰ মুঠ কৰ ৰাজহ বৃদ্ধি পাইছে। ২০১৪-১৫ চনত ৰাজ্যসমূহে সামূহিকভাৱে পেট্ৰলিয়াম কৰৰ পৰা ১.৩৭ লাখ কোটি টকা লাভ কৰিছিল, যিটো ২০২৩-২৪ চনত ২.৯২ লাখ কোটি টকালৈ বৃদ্ধি পাইছিল।

সমগ্ৰ দেশতে পেট্ৰলিয়াম সামগ্ৰীৰ আবকাৰী শুল্ক একে হ’লেও ৰাজ্যসমূহে নিজাববীয়াকৈ ভেট আৰোপ কৰে, যাৰ ফলত মূল্যৰ তাৰতম্য ঘটে। পেট্ৰ’লত সৰ্বাধিক ভেট আৰোপ কৰা হৈছে তেলেংগানাত ৩৫ শতাংশ, অন্ধ্ৰ প্ৰদেশত ৩১ শতাংশ ভেট আৰোপ কৰা হৈছে।
   
চৰকাৰী তথ্য অনুসৰি ২০১৮-১৯ চনত পেট্ৰলিয়ামৰ পৰা মহাৰাষ্ট্ৰৰ কৰ ৰাজহ ২৭,১৯০ কোটি ₹ৰ পৰা ২০২৩-২৪ (পি)ত ৩৬,৩৫৯ কোটি ₹লৈ বৃদ্ধি পাইছে, পাঁচ বছৰত ৩৪ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে।

একেদৰে একে পাঁচ বছৰৰ ভিতৰত ইউ পিৰ পেট্ৰলিয়ামৰ কৰ ৰাজহ ১৯,১৬৭ কোটিৰ পৰা ৩০,৪১১ কোটিলৈ বৃদ্ধি পাই ৫৯ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰে।

ALSO READ: খাদ্য মুদ্ৰাস্ফীতিঃ আলু, পিয়াঁজ আৰু বিলাহীৰ ব্যৱহাৰ হ্ৰাস কৰিছে মানুহে, শাক-পাচলিৰ বজাৰত অত্যাধিকভাৱে বৃদ্ধি পাইছে  শাক-পাচলিৰ দাম