newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

দেশৰ ৩০০ টা বেংক চাইবাৰ আক্ৰমণৰ আঘাত, কাৰ্য্যকলাপ বন্ধ, UPI ৰ জৰিয়তে পেমেণ্টো বন্ধ

BNE News Desk , August 1, 2024
Spread the love

ভাৰতীয় বেংকিং ব্যৱস্থাত সংঘটিত হৈছে এক বৃহৎ চাইবাৰ আক্ৰমণ। ইয়াৰ বাবে প্ৰায় ৩০০ ক্ষুদ্ৰ বেংক ক্ষতিগ্ৰস্ত হৈছে। এই ৰেনছমৱেৰ আক্ৰমণৰ বাবে এই স্থানীয় বেংকসমূহে নিজৰ কাম-কাজ বন্ধ কৰিবলগীয়া হৈছে। এই আক্ৰমণৰ বলি হৈছে চি-এজ টেকন’লজিছৰ এটা কোম্পানী। এই সকলো বেংককে কাৰিকৰী সহায় আগবঢ়ায়। ভাৰতীয় নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যনে এই কোম্পানীটোৰ কাম-কাজত বৰ্তমান সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে।

সূত্ৰৰ উদ্ধৃতি দি এই প্ৰতিবেদনত দাবী কৰা হৈছে যে চি-এজ টেকন’লজিছৰ ওপৰত এই চাইবাৰ আক্ৰমণৰ বাবে দেশৰ প্ৰায় ৩০০ ক্ষুদ্ৰ বেংকৰ পেমেণ্ট ব্যৱস্থা স্তব্ধ হৈ পৰিল। এই কোম্পানীয়ে সমগ্ৰ দেশতে বেংকিং প্ৰযুক্তি ব্যৱস্থা প্ৰদান কৰে। কিন্তু বৰ্তমান চি-এজ টেকন’লজিছে এই বিষয়ত একো ক’বলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকেও এই বৃহৎ চাইবাৰ আক্ৰমণ সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে। কিন্তু ভাৰতৰ পেমেণ্ট চিষ্টেমৰ নিয়ন্ত্ৰক এন পি চি আইয়ে বুধবাৰে গভীৰ নিশা অৱগত কৰে যে তেওঁলোকে কিছুদিনৰ বাবে চি-এজ টেকন’লজিছক নিষিদ্ধ কৰিছে। পৰৱৰ্তী অৰ্ডাৰ নোহোৱালৈকে এই কোম্পানীটো খুচুৰা পেমেণ্ট ব্যৱস্থাৰ অংশ নহ’ব।

৩০০টা বেংক পেমেণ্ট চিষ্টেম নেটৱৰ্কৰ বাহিৰত থাকিব এন পি চি আইৰ তথ্য অনুসৰি চি-এজ টেকন’লজিছৰ সেৱা ব্যৱহাৰ কৰা বেংকৰ গ্ৰাহকে কিছুদিন ধৰি পেমেণ্ট ব্যৱস্থা ব্যৱহাৰ কৰিব পৰা নাছিল। সূত্ৰসমূহে জনোৱা মতে, দেশৰ পেমেণ্ট ব্যৱস্থাত নেতিবাচক প্ৰভাৱ ৰোধ কৰিবলৈ এই ৩০০টা বেংক আপাততঃ পেমেণ্ট নেটৱৰ্কৰ বাহিৰত থাকিব। তেওঁ কয় যে ইয়াৰে অধিকাংশই সৰু বেংক। দেশৰ মুঠ পেমেণ্ট ব্যৱস্থাত তেওঁলোকৰ অংশীদাৰিত্ব মাত্ৰ ০.৫ শতাংশ। ইয়াৰ বাবেই জনসাধাৰণে বিশেষ সমস্যাৰ সন্মুখীন নহ’ব। তথাপিও ইয়াৰ প্ৰভাৱ পেমেণ্ট ব্যৱস্থাত কিছু সময়ৰ বাবে দেখা যাব পাৰে।

ভাৰতত প্ৰায় ১৫০০ সমবায় আৰু আঞ্চলিক বেংক আছে। এই ব্যৱসায়সমূহৰ অধিকাংশই ডাঙৰ চহৰৰ বাহিৰত চলি থাকে। সূত্ৰৰ পৰা জানিব পৰা মতে, এই বেংকসমূহৰ কিছুমানৰ ক্ষতিসাধন হৈছে। এই ৰেনছমৱেৰ আক্ৰমণ যাতে অধিক বেংকলৈ বিয়পি নাযায় তাৰ বাবে এনপিচিআই বৰ্তমান অডিটত ব্যস্ত। বেংকিং খণ্ড সদায় চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ আহিছে। আৰ বি আইৰ বাহিৰেও আন আইন প্ৰয়োগকাৰী সংস্থাসমূহে শেহতীয়াকৈ ভাৰতীয় বেংকসমূহক সম্ভাৱ্য চাইবাৰ আক্ৰমণৰ বিষয়ে কেইবাবাৰো সকীয়াই দিছিল।