newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আয়কৰ ৰিটাৰ্ণঃ এতিয়ালৈকে দাখিল কৰা হৈছে ৭ কোটি আয়কৰ ৰিটাৰ্ণ

BNE News Desk , August 1, 2024
Spread the love

আয়কৰ ৰিটাৰ্ণ দাখিলৰ শেষ তাৰিখ ৩১ জুলাই, যিটো আজি শেষ হ’ব। ইয়াৰ পূৰ্বে আয়কৰ বিভাগে জনাইছে যে বুধবাৰে সন্ধিয়া ৭ বজালৈকে ৭ কোটিৰো অধিক আয়কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছে। ইয়াৰে ৩১ জুলাইত এদিনতে ৫০ লাখৰো অধিক ৰিটাৰ্ণ দাখিল কৰা হৈছে। সমূহ ৰাইজক অতি সোনকালে ৰিটাৰ্ণ দাখিল কৰিবলৈ বিভাগে আহ্বান জনাইছে। লগতে এই মাইলৰ খুঁটি গঢ়ি তোলাৰ বাবে কৰদাতাসকলক ধন্যবাদ জনায়।

মূল্যায়ন বৰ্ষ ২০২৪-২৫ আৰু বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ ৰিটাৰ্ণ দাখিলৰ শেষ তাৰিখ ৩১ জুলাই। আয়কৰ বিভাগে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে আবেদন জনাইছে যে যদি আপুনি জৰিমনা পৰিহাৰ কৰিব বিচাৰে তেন্তে অতি সোনকালে আই টি আৰ দাখিল কৰক। ইফালে আয়কৰ ৰিটাৰ্ণ দাখিল কৰা পৰ্টেলৰ লেহেমীয়া হোৱাৰ অভিযোগো ৰাইজৰ। আয়কৰ বিভাগে ২৪x৭ মানুহক সহায় কৰিবলৈ সাজু বুলি জনাইছে। কোনো সমস্যা হ’লে আমাৰ হেল্পডেস্কৰ পৰা ফোন কল, লাইভ চেট, ৱেব চেচন আৰু এক্সৰ জৰিয়তে সহায় ল’ব পাৰি।

আয়কৰ বিভাগে এইবাৰ আইটিআৰ দাখিলৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়ি তোলা বুলি প্ৰকাশ কৰিছে। যোৱা বছৰ ৩১ জুলাইলৈকে ৬.৭৭ কোটি আয়কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছিল। এইবাৰ এই সংখ্যাই ৭ কোটি অতিক্ৰম কৰিছে। ২০২৪ চনৰ ৩১ জুলাইলৈকে আয়কৰ ৰিটাৰ্ণ দাখিলৰ বাবে কোনো মাচুল লোৱা নহয়। ইয়াৰ পিছত কৰদাতাই ৩১ ডিচেম্বৰলৈকে বিলম্বিত ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। কিন্তু, তাৰ বাবে তেওঁলোকে ১০০০ টকাৰ পৰা ৫০০০ টকা জৰিমনা ভৰিব লাগিব।