newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

পেৰিছ অলিম্পিকঃ যদি নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰে তেন্তে সকলোকে দিব বিনামূলীয়া ভিছা, এই কোম্পানীয়ে দিলে এক অনন্য অফাৰ

BNE News Desk , August 1, 2024
Spread the love

বৰ্তমান ফ্ৰান্সৰ ৰাজধানী পেৰিছত চলি আছে অলিম্পিক গেমছ। ভাৰতে এই পৰ্যন্ত পেৰিছ অলিম্পিকত ২টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। সোণৰ পদকৰ বাবে ভাৰতৰ আটাইতকৈ ডাঙৰ আশা সোণৰ ল’ৰা নীৰজ চোপ্ৰা। প্ৰতিজন ভাৰতীয়ৰ তেওঁৰ পৰা বহুত আশা আছে। ইফালে এটা কোম্পানীয়ে আৰম্ভ কৰিছে বিশেষ অফাৰ। তেওঁ কয় যে যদি নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰে তেন্তে তেওঁ সকলোকে বিনামূলীয়াকৈ শ্বেংগেন ভিছা দিব।

ইউৰোপ ভ্ৰমণৰ বাবে শ্বেংগেন ভিছা প্ৰদান কৰা হয়। এই ভিছাৰ সহায়ত আপুনি ইউৰোপৰ শ্বেংগেন এলেকাত যিকোনো ১৮০ দিনত ৯০ দিনৰ বাবে মুক্তভাৱে যাত্ৰা কৰিব পাৰিব। অনলাইন ভিছা আবেদন প্লেটফৰ্ম এটলিছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মোহক নাহতাই নিজৰ লিংকডইন একাউণ্টত লিখিছে যে যদি নীৰজ চোপ্ৰাই অলিম্পিকত সোণৰ পদক লাভ কৰে তেন্তে মই সকলোকে বিনামূলীয়াকৈ ভিছা প্ৰেৰণ কৰিম। তেওঁৰ কোম্পানী এটলাছেও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে যদি নীৰজ চোপ্ৰাই সোণ লাভ কৰে তেন্তে সকলোকে বিনামূলীয়া ভিছা প্ৰেৰণ কৰা হ’ব।

অৱশ্যে মোহক নাহাটা আৰু তেওঁৰ কোম্পানীয়ে বিনামূলীয়া ভিছা বুলিলে কি বুজাব বিচাৰিছে সেয়া এতিয়াও স্পষ্ট কৰা নাই। চলিত মাহৰ আৰম্ভণিতে কোম্পানীটোৱে জনাইছিল যে পেৰিছৰ বাবে ভিছাৰ আবেদন দ্ৰুতগতিত বৃদ্ধি পাইছে। বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি এটলাছৰ প্লেটফৰ্মত পেৰিছলৈ যাত্ৰাৰ বাবে তালিকাভুক্তকৰণ প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। পেৰিছৰ অলিম্পিক আৰু অন্যান্য ল্যাণ্ডমাৰ্ক স্থানৰ লগতে নাইচ, অ’বাৰভিলিয়াৰ্ছ, কলম্বাছ আৰু চেণ্ট-অ’ৱেন ছুৰ চেইনৰ দৰে ঠাইবোৰো চাব বিচাৰে। চলিত বৰ্ষৰ এপ্ৰিল মাহত ইউৰোপীয় সংঘই কৈছিল যে এতিয়া ইউৰোপলৈ সঘনাই ভ্ৰমণ কৰা ভাৰতীয়সকলে ৫ বছৰলৈকে মাল্টি এণ্ট্ৰি শ্বেংগেন ভিছাৰ বাবে আবেদন কৰিব পাৰিব।

শ্বেংগেন ভিছাৰ জৰিয়তে ইউৰোপৰ ২৯খন দেশ ভ্ৰমণৰ সুযোগ পোৱা যায়। ইয়াৰ ভিতৰত বেলজিয়াম, বুলগেৰিয়া, ইষ্ট’নিয়া, গ্ৰীচ, ক্ৰ’ৱেচিয়া, চেক গণৰাজ্য, ডেনমাৰ্ক, জাৰ্মানী, স্পেইন, ফ্ৰান্স, ইটালী, লাটভিয়া, লিথুৱেনিয়া, অষ্ট্ৰিয়া, পোলেণ্ড, পৰ্তুগাল, লাক্সেমবাৰ্গ, হাংগেৰী, মাল্টা, নেদাৰলেণ্ড, ৰোমানিয়া, স্লোভেনিয়া, শ্লোভাকিয়া, ফিনলেণ্ড আদি অন্যতম , ছুইডেন, আইচলেণ্ড, লিচেনষ্টাইন, নৰৱে আৰু চুইজাৰলেণ্ড অন্তৰ্ভুক্ত। ইয়াৰ মাচুল এতিয়া প্ৰায় ৮ হাজাৰ টকালৈ হ্ৰাস কৰা হৈছে।