newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কুম্ভ মেলা ২০২৫ৰ বাবে ৰে‘ল বিভাগৰ মেগা প্ৰস্তুতি। ৯৯২খন বিশেষ ৰে‘ল, ৯৩৩ কোটি টকা ব্যয় আৰু  যাত্ৰীৰ সুবিধাৰ বাবে প্ৰস্তুতি আৰম্ভ ৰে‘লৱেৰ

BNE News Desk , September 30, 2024
Spread the love
Share on Twitter

বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে বিবেচিত কুম্ভ মেলাৰ বাবে ৰে’লৱেৰ প্ৰস্তুতি পোহৰলৈ আহিছে। অহা ১২ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আয়োজন কৰিবলৈ লোৱা এই বিশাল ধৰ্মীয় সমাৱেশত প্ৰায় ৩০ কোটিৰ পৰা ৫০ কোটি ভক্তৰ সমাগম হ’ব। ইয়াৰ বাবে সাজু হৈছে ভাৰতীয় ৰেলৱে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনাইছে যে ভাৰতীয় ৰে’লৱে কুম্ভ মেলা ২০২৫ৰ বাবে ভক্তসকলৰ বাবে অভিলেখ সংখ্যক ৰে’ল, উন্নত ট্ৰেক আৰু উন্নত সা-সুবিধা প্ৰদান কৰিবলৈ সাজু। ৰে’লৱেৰ পৰা পোৱা তথ্য অনুসৰি ইয়াৰ বাবে ৰে’লৱেই মুঠ ৯৯২খন বিশেষ ৰে’ল চলাব আৰু মুঠ ৰে’লৰ সুবিধা আৰু যাত্ৰীবাহী সুবিধাৰ বাবে ৯৩৩ কোটি টকা ব্যয় কৰা হ’ব।
 
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উচ্চ পৰ্যায়ৰ বৈঠকত এই সন্দৰ্ভত প্ৰস্তুতিৰ বুজ লয় আৰু ৰে’লৱেৰ সকলো প্ৰস্তুতিৰ চূড়ান্ত স্পৰ্শ দিয়াৰ সমান্তৰালকৈ তেওঁ এক্সৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য ভাগ-বতৰা কৰিছে। যাত্ৰীৰ সুবিধাজনক কামৰ বাবে কেইবাটাও ভিন্ন সুবিধা ৰূপায়ণ কৰা হ’ব যাৰ মুঠ ব্যয় ৪৯৫ কোটি টকা। যাত্ৰীৰ সুবিধাৰ বাবে টিকটৰ ক্ষমতা বহুগুণ বৃদ্ধি কৰা হৈছে আৰু বহুতো সুবিধা যেনে-

১/ ভ্ৰমণকাৰীৰ আশ্ৰয় শিবিৰ

২) বিদ্যুৎ, নিৰাপত্তা, চিচিটিভিৰ ব্যৱস্থা

৩/ পানী যোগান আৰু শৌচাগাৰৰ সুবিধা

৪.কাৰ্যবাহী লাউঞ্জ আৰু হাস্পতাল সম্প্ৰসাৰণ

৫/ চলাচল কৰা অঞ্চলৰ উন্নতি

৬/ কৰ্তব্যৰত কৰ্মচাৰীৰ বাবে থকাৰ ব্যৱস্থা

৭) ৰেলৱে চৌহদত সীমা নিৰ্মাণ

ৰে’ল মন্ত্ৰীগৰাকীয়ে এক... ইয়াৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ হ'ল-

পৌশ পূৰ্ণিমা: ১৩ জানুৱাৰী ২০২৫
মকৰ সংক্ৰান্তি: ১৪ জানুৱাৰী ২০২৫
মৌনি আমাৱস্যাঃ ২০২৫ চনৰ ২৯ জানুৱাৰীত আহিব বুলি অনুমান কৰা হৈছে (৫-৬ কোটি ভক্ত)।
বসন্ত পঞ্চমীঃ ৩ ফেব্ৰুৱাৰী ২০২৫
মাঘী পূৰ্ণিমাঃ ১২ ফেব্ৰুৱাৰী ২০২৫
মহাশিৱৰাত্ৰীঃ ২৬ ফেব্ৰুৱাৰী ২০২৫
ইয়াৰ বাহিৰেও প্ৰয়াগৰাজ সংমণ্ডল আৰু ইয়াৰ আশে-পাশে থকা ঠাইৰ ৰে’লপথ দুগুণ কৰাৰ কাম ৩৭০০ কোটি টকা ব্যয়েৰে কৰা হৈছে। ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে যাতে কুম্ভমেলাৰ সময়ত আৰু মেলাৰ শীর্ষ বতৰত ৰে’লৰ সুবিধাসমূহ সুচাৰুৰূপে চলি থাকে।
➡️ বিশেষ ৰেলৰ সংখ্যা:
🚉 ২০১৯ - ৬৯৫
🚉 ২০২৫ - ৯৯২

➡️ নিয়মীয়া ৰেলৰ সংখ্যা:
🚉 ২০১৯ - ৫০০০
🚉 ২০২৫ – ৬৫৮০ 
  ৪৪০ কোটি টকা ব্যয়ৰে এখন পথ অভাৰব্ৰিজ নিৰ্মাণৰ অনুমোদন দিয়া হৈছে। ৪৯৫ কোটি টকাৰ জৰিয়তে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে যেনে পথ মেৰামতি, চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব। ইয়াৰ জৰিয়তে প্ৰয়াগৰাজলৈ অহা যাত্ৰীসকলক থকাৰ ব্যৱস্থা, অপেক্ষা কক্ষ আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব।