newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

7 Tech আৰু Lotus digital কোম্পানীয়ে উত্তৰ-পূৱত প্ৰিণ্টিং ইণ্ডাস্ট্ৰীৰ ভৱিষ্যৎ গঢ়ি তুলিছে

Radhika Daimary , May 31, 2025
Spread the love
Share on Twitter

প্ৰিন্টিং মেচিনাৰীৰ ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতত উল্লেখযোগ্য অৱদান আগবঢ়াই আছে 7 টেক প্ৰিণ্টিং মেচিনাৰীজ আৰু ইয়াৰ অংশীদাৰ কোম্পানী লটাছ ডিজিটেল চিষ্টেমছে । এই দুই প্ৰতিষ্ঠানৰ আগভাগত আছে দিব্যজ্যোতি হাজৰিকা আৰু অক্ষ্যয় জয়ৰথ, যিসকলে এই উদ্যোগক এক গ্ল'বেল উচ্চতালৈ লৈ যাবলৈ পৰিশ্ৰম কৰিছে।

অসমত আধাৰিত 7  টেক প্ৰিণ্টিং মেচিনাৰীজে এতিয়ালৈকে মুঠ ৫০ টাতকৈও অধিক প্ৰিন্টিং মেচিন বিক্ৰী কৰিছে। কোম্পানীটোৰ মেচিনৰ দাম ৩ লাখ টকাৰ পৰা আৰম্ভ হয় আৰু ইয়াত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ হয়। শদিয়াৰ পৰা ধুবুৰী, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল, মণিপুৰ, নাগালেণ্ড আৰু গোটেই  উত্তৰ-পূব জুৰি তেওলোকে বিক্ৰী কৰি আহৈছে আৰু সেৱা প্ৰদান কৰি আহিছে। তদুপৰি, কোম্পানীটোৰ নিজস্ব কোৱালিফাইড ইঞ্জিনিয়াৰ আৰু সম্পূৰ্ণ প্ৰশিক্ষণ  ব্যৱস্থা আছে, যাৰ ফলত গ্ৰাহকে সন্তুষ্টিসহকাৰে সেৱা লাভ কৰিছে।

অন্যফালে, লটাছ ডিজিটেল চিষ্টেমছ হৈছে ভাৰতৰ অন্যতম ডাঙৰ প্ৰিন্টিং ছলিউচনছ মেনুফেকচাৰাৰ, যিয়ে ২০ বছৰতকৈ অধিক সময় ধৰি লাৰ্জ ফৰ্মেত ইংকজেট প্ৰিণ্টাৰ তৈয়াৰ কৰি আহিছে। কোম্পানীটোৰ সামগ্ৰী "ভাৰতত নিৰ্মিত" হোৱাৰ উপৰিও মালেচিয়া, আফ্ৰিকা, মেক্সিকো আৰু ব্ৰাজিললৈ ৰপ্তানি হয়। ইয়াৰ মেচিনৰ মূল্য প্ৰাই ৫ লাখ টকাৰ পৰা আৰম্ভ কৰি ২৫ লাখ টকা লৈ আছে।

ALSO READ; জে.কে. ছাৰ্ভিচেছে ১০ হাজাৰ টকাৰ পৰা ২৫ লাখ টকালৈ প্ৰিন্টাৰ বিকল্প আগবঢ়াইছে ।

দিব্যজ্যোতি হাজৰিকাৰ মতে, উত্তৰ - পূবৰ বহুতো উদ্যোগপতি আৰু যুৱক-যুৱতীয়ে এতিয়াও প্ৰিন্টিং মেচিনৰ সম্পূৰ্ণ সুবিধাৰ বিষয়ে জনা নাই। সেই কাৰণে, তেওঁলোকে সচেতনতা বৃদ্ধি আৰু নৱীন প্ৰডাক্ট লঞ্চৰ জৰিয়তে  যুৱপ্ৰজন্মক আগবঢ়াবলৈ সংকল্পবদ্ধ হৈছে।

বৰ্তমান কোম্পানীটোত ৩০ৰো অধিক কৰ্মচাৰী আছে আৰু আগলৈ নিয়োগ বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে অঞ্চলটোৰ সমস্যা সমাধানৰ দিশে এক প্ৰভাৱশালী পদক্ষেপ হ’ব বুলি আশা কৰা হৈছে।