কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে বৃহস্পতি বাৰে অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণ (PMAY-G) ৰ অধীনত ৫০,০০০ ঘৰ উদ্বোধন কৰে । গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত ৰাজ্যখনৰ গ্ৰাম্য উন্নয়ন যাত্ৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে । কৃষি ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি আৰু সঁজুলি বিতৰণ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্ধোধন কৰা ৫০,০০০ ঘৰে সমগ্র অসমৰ বহু পৰিয়ালক উপকৃত কৰিব । এই প্ৰকল্পৰ আনুমানিক প্ৰকল্প ব্যয় হৈছে ৬৫০ কোটি টকা । তেওঁ লগতে কয় যে ২০ লাখ ঘৰ নিৰ্মাণৰ লক্ষ্যৰ ভিতৰত প্ৰায় ১৯ লাখ ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ উপৰিও চৌহানে চলিত বিত্তীয় বৰ্ষৰ বাবে PMAY-G ৰ অধীনত আৰু ৩.৮৮ লাখ ঘৰ নিৰ্মাণত চৰকাৰে অনুমোদন জনোৱাৰ কথা ও ভাষণত উল্লেখ কৰে । ইয়াৰ বাবে কেন্দ্ৰৰ খৰচ হ'ব হৈছে ৯৪২৪ কোটি টকা ।
ALSO READ: Farm Infinity आ आबादारिफोरखौ बाहायनो हाथाव दाहार आरो गोहो होयो
ইয়াৰ উপৰিও হাতী আৰু বান্দৰৰ দৰে জীৱ জন্তুৱে খেতি- পথাৰৰ শস্য তথা কৃষি নষ্ট কৰিলে এতিয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ 'ফচল বীমা যোজনা ' ৰ অধীনত ক্ষতিপূৰণ দিয়া হ'ব I
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এতিয়ালৈকে ২২ লাখ প্ৰদান কৰা হৈছে । এতিয়ালৈকে ২০,৯১,৮৮৭ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা হৈছে ।নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হোৱাৰ পিছত ২০ লাখ লোকে PMAY ৰ গৃহ পাইছে..অসমৰ ৩৫ লাখ দুখীয়া পৰিয়ালৰ ভিতৰত ২০ লাখে ঘৰ পাবলৈ সক্ষম হৈছে । নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হোৱাৰ পিছত ২০ লাখ লোকে PMAY ৰ গৃহ পাইছে..অসমৰ ৩৫ লাখ দুখীয়া পৰিয়ালৰ ভিতৰত ২০ লাখে ঘৰ পাবলৈ সক্ষম হৈছে । চাওঁক এই প্ৰতিবেদন ।