newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভাৰত আৰু চীনৰ এটা সিদ্ধান্তই চীনক কৰিলে নতশিৰ, এই ভাৰতীয় স্মাৰ্টফোন কোম্পানীটোৰ শ্বেয়াৰত আৰোপ কৰা হৈছে হাই চাৰ্কিট

BNE News Desk , December 16, 2024
Spread the love
Share on Twitter

ভাৰতৰ পৰা ডাঙৰ আঘাত পাইছে চীনে। আচলতে চীনৰ বহুজাতিক কোম্পানী ভিভ’ই এতিয়া ভাৰতৰ কৃপাত ভাৰতৰ ভিতৰতে স্মাৰ্টফোন নিৰ্মাণ কৰিব। ভাৰত চৰকাৰৰ নীতিগত হেঁচাত চীনৰ কোম্পানী ভিভ’ই ভাৰতীয় কোম্পানী ডিক্সন টেকন’লজিছৰ সৈতে যৌথ উদ্যোগ গঠন কৰিবলৈ বাধ্য হৈছে। এই যৌথ উদ্যোগৰ ৫১ শতাংশ শ্বেয়াৰ ডিক্সন টেকন’লজিৰ হাতত থাকিব। ৪৯ শতাংশ শ্বেয়াৰ ভিভ’ কোম্পানীত থাকিব। অৰ্থাৎ চীনৰ মোবাইল জায়ান্ট কোম্পানীটোৱে ভাৰতীয় কোম্পানীটোৰ কনিষ্ঠ অংশীদাৰ হিচাপে ভাৰতত স্মাৰ্টফোন উৎপাদন কৰিব। এই খবৰৰ পিছত ডিক্সন টেকন’লজিছৰ শ্বেয়াৰ পাঁচ শতাংশ জপিয়াই পৰিছে।

সোমবাৰে পুৱা বজাৰ মুকলি হোৱাৰ পিছত ডিক্সন টেকন’লজিছৰ শ্বেয়াৰে অভিলেখ সৃষ্টি কৰি সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈ অভিলেখ সৃষ্টি কৰে। যোৱা পাঁচ বছৰত ডিক্সনৰ শ্বেয়াৰে ২৪১৬ শতাংশ ৰিটাৰ্ণ দিছে। ১৫ ডিচেম্বৰত নিজেই ডিক্সনে ভিভ’ৰ সৈতে যৌথ উদ্যোগ গঠনৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত বজাৰ খোলাৰ লগে লগে ডিক্সনৰ শ্বেয়াৰ বৃদ্ধি হ’বলৈ ধৰিলে। বিয়লি ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১৮,৭৮৫ টকালৈ জপিয়াই পৰিছিল। আনহাতে বম্বে ষ্টক এক্সচেঞ্জত ইয়াৰ মূল্য আছিল ১৮,৭৯১ টকা। যোৱা ৫ দিনত ডিক্সনৰ শ্বেয়াৰ ৮.৬৮ শতাংশ বৃদ্ধি পাইছে। এমাহত ২৬.০৬ শতাংশ বৃদ্ধি পাইছে। যোৱা ছমাহত ৬১.৭৬ শতাংশ আৰু এবছৰত ১৯৭.৭৫ শতাংশ বৃদ্ধি পাইছে। মুঠ বজাৰ মূলধন ১ লাখ ১২ হাজাৰ ১৮৩ কোটি টকা হৈছেগৈ।

ALSO READ: WPI Inflation Declines To 3-Month Low Driven By Cheaper Food, RBI May Cut Rate Soon

ভিভ’ৰ সৈতে অংশীদাৰিত্বই ডিক্সন টেকন’লজিছক স্মাৰ্টফোনৰ বজাৰত অধিক শক্তিশালী স্থান লাভ কৰাত সহায় কৰিব। এই প্ৰস্তাৱিত উদ্যোগটোক লৈ সুখ প্ৰকাশ কৰিছে ভিভ’ ইণ্ডিয়াৰ চিইঅ’ জেৰ’ম চেনে। তেওঁ কয় যে ডিক্সনৰ সৈতে টাৰ্ম শ্বীটত স্বাক্ষৰ কৰা হৈছে। আমি শক্তিৰে