newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

মাত্ৰ ৩৫০০ টকা বিনিয়োগেৰে নয়না বৰাই গঢ়িলে চাহৰ ব্ৰেণ্ড উৰ্নিনয়ন

Radhika Daimary , November 30, 2024
Spread the love
Share on Twitter

নয়না বৰা চিটিচি অসম চাহ ব্ৰেণ্ড উৰ্নিনয়ন'ৰ প্ৰতিষ্ঠাপক। ২০২০ চনৰ অক্টোবৰ মাহত, লকডাউনৰ অন্তিম পৰ্যায়ৰ সময়তে ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰি ২০২২ চনত আনুষ্ঠানিকভাৱে তেখেতে ব্ৰেণ্ডটো মুকলি কৰিছিল।

প্ৰথম আৰম্ভ কৰাৰ সময়ত তেও ২-৩খন বাগিচাৰ পৰা পোনপটীয়াকৈ চাহপাতৰ উৎস বিচাৰি উলিয়াইছিল আৰু প্ৰাৰম্ভিকভাৱে মাত্ৰ ৩৫০০ টকা বিনিয়োগ কৰিছিল। বৰ্তমান বজাৰত তেওৰ চাহৰ দাম হৈছে ১০০ গ্ৰামত ৫৫ টকা, ২০০ গ্ৰামত ৯৫ টকা আৰু আধা কিলোগ্ৰামত ২৩০ টকা। বৰ্তমান তেওৰ ব্যৱসায় ঘৰুৱাভাৱে চলি আছে, আৰু তেও ঘৰতে চলোৱা কামৰ পৰা মাহিলী ২০,০০০ টকা লাভ কৰে।

তেও উপহাৰ দিয়াৰ উদ্দেশ্যে এটা অনন্য গিফ্ট পেক আইডিয়াও প্ৰৱৰ্তন কৰিছে। তেখেতে ভৱিষ্যতে অসমৰ বাহিৰলৈ চাহ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কল্পনা কৰিছে আৰু ৰপ্তানিৰ সুযোগৰ কথাও বিবেচনা কৰিছে।