newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

মুকেশ আম্বানী আৰু এনভিডিয়াৰ জেনচেন হুয়াঙে যৌথভাৱে ভাৰতত আৰম্ভ কৰিব এআই আন্তঃগাঁথনি । ব্যৱসায়িক প্ৰতিচ্ছবি  হ্‘ব সলনি

BNE News Desk , October 24, 2024
Spread the love
Share on Twitter

আজি ভাৰতৰ আগশাৰীৰ ব্যৱসায়ীসকলে মুম্বাইত চলি থকা এনভিডিয়া ইণ্ডিয়া ছামিট ২০২৪ত এনভিডিয়াৰ চিইঅ’ জেনচেন হুয়াঙৰ সৈতে সাক্ষাৎ কৰে। দেশৰ আটাইতকৈ মূল্যৱান কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু জেনচেন হুয়াঙে একেলগে এই সন্মিলনত ভাৰতত এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ আন্তঃগাঁথনি সৃষ্টিৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
   
ভাৰত আৰু এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে এনভিডিয়াৰ মুৰব্বীৰ সৈতে সাক্ষাৎ কৰি কয় যে এনভিডিয়াই ভাৰতলৈ আহি ভাল মানৰ এআই আন্তঃগাঁথনি নিৰ্মাণ কৰাটো জিঅ’ই টেলিকম খণ্ডত ভাৰতৰ বাবে ঠিক সেই কামেই কৰিছে। এই সময়ত মুকেশ আম্বানীয়ে কয় যে আমেৰিকা আৰু চীনৰ বাহিৰেও ভাৰত একমাত্ৰ দেশ য’ত সৰ্বোত্তম ডিজিটেল সংযোগৰ আন্তঃগাঁথনি উপলব্ধ। মুকেশ আম্বানীয়ে লগতে কয় যে তেওঁৰ মতে NVIDYA ৰ দ্বাৰা তেওঁ বিদ্যাক বুজি পায় যাৰ ভাৰতীয় প্ৰেক্ষাপটত অতি গুৰুত্ব আছে।
   
এই বৈঠকৰ প্ৰেক্ষাপটত জেনচেন হুয়াঙে কয় যে ভাৰতৰ বিপুল জনসংখ্যাক শক্তি হিচাপে আগুৱাই নিয়াৰ এয়া এক অতি উত্তম সুযোগ। এই বিশাল জনসংখ্যাৰ ভিতৰত বৃহৎ সংখ্যক লোক কম্পিউটাৰ অভিযন্তা হ’ব পাৰে আৰু এইটো এটা অভূতপূৰ্ব সময়। তেওঁ আৰ আই এলৰ অধ্যক্ষক লগতে কয় যে এই কামৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৈতে অংশীদাৰিত্ব কৰি তেওঁ গৌৰৱান্বিত আৰু সৌভাগ্যৱান বুলি অনুভৱ কৰিছে। মাত্ৰ এবছৰৰ ভিতৰতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে ভাৰতত ২০%তকৈ অধিক এআই কম্পিউট ক্ষমতা নিয়োগ কৰা হ’ব, আৰু এইটো অতি ক্ষীপ্ৰতাৰে হ’ব।

ALSO READ: কেপিটেল গেইন টেক্সঃ শ্বেয়াৰৰ ওপৰত কেপিটেল গেইন টেক্সৰ পৰা চৰকাৰৰ আয় ১ লাখ কোটি টকা। ট্ৰেজাৰী বাজেটতকৈ বহু বেছি টকাৰে চলিব কাম-কাজ

এআইৰ সৈতে জড়িত সন্দেহৰ সন্দৰ্ভত জেনচেন হুয়াঙে লগতে কয় যে এআইয়ে তৎক্ষণাত স্বাভাৱিক চাকৰি কাঢ়ি নিব নোৱাৰে, কিন্তু যিকোনো ব্যক্তিয়ে যিকোনো কামক উন্নত ধৰণেৰে কৰিবলৈ এআই ব্যৱহাৰ কৰিলে চাকৰিটো কাঢ়ি ল’ব।