newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কিৰণ ইনফ'টেকে ১০খনৰো অধিক দেশলৈ সামগ্ৰী ৰপ্তানি কৰিছে।

Radhika Daimary , May 31, 2025
Spread the love
Share on Twitter

মোছতাক আহমেদ হৈছে কিৰণ ইনফ'টেক নামৰ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া। কিৰণ ইনফ'টেক হৈছে দিল্লীত আধাৰিত  এক কোম্পানী, যি পেন ইণ্ডিয়া পর্যায়ত কাম কৰি আহিছে। গুৱাহাটীত কোম্পানীটোৰ এটা শাখা আছে, যি জ্যোতিকুছিত অৱস্থিত।        
                                                                   
এই কোম্পানীতো CNC (Computer Numerical Control) ইণ্ডাস্ট্ৰীৰ সৈতে জড়িত। CNC ইণ্ডাস্ট্ৰীত ৰাউটাৰ, ফাইবাৰ লেজাৰ, প্লটাৰ মেচিন আদি বিভিন্ন ধৰণৰ মেচিনৰ ব্যৱসায় কৰে।  কোম্পানীটোৱে ১৫ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ২৫ লাখ টকা মূল্যৰ মেচিনৰ ব্যৱসায় কৰে। এই প্ৰডাক্টবোৰৰ জৰিয়তে ফাৰ্নিচাৰ, চাইনেজ বৰ্ড, উপহাৰ চিহ্নিত কৰা আদি সামগ্রী প্ৰস্তুত হয়। উত্তৰ-পূৰ্বাঞ্চল – বিশেষকৈ গুৱাহাটী, শ্বিলঙ, আইজল, ত্ৰিপুৰা, নগাঁও, অৰুণাচল – কোম্পানীটোৰ বাবে এক উল্লেখযোগ্য বিক্ৰীৰ হাব হিচাপে পৰিগণিত হৈছে।

বৰ্তমান কিৰণ ইনফ'টেকৰ দেশজুৰি ২০-২৫ টা শাখা আছে, যাৰ  বাৰ্ষিক টাৰ্নঅভাৰ প্ৰায় ২৫ কোটি টকা, আৰু লাভৰ হাৰ ২০-২৫%। বহুসংখ্যক শ্বেয়াৰহোল্ডাৰৰ লগত কোম্পানীটোৱে মিজোৰামৰ লুংলেইত এক নতুন dealership tie-up কৰিছে।

ALSO READ: আদানী গ্ৰুপৰ এই কোম্পানীটোত এল আই চিয়ে ডাঙৰ বাজি ধৰিলে, একে সময়তে ৫০০০ কোটি টকা বিনিয়োগ কৰিলে

আন্তঃৰাষ্ট্ৰীয় বজাৰতো কোম্পানীটোৱে দ্ৰুত বিকাশ লাভ কৰিছে। কানাডা, গ্ৰীচ, আফ্ৰিকান দেশ, চৌডি আৰব, নেপালসহ ১০-১১ খন দেশলৈ কিৰণ ইনফ'টেকে সামগ্ৰীৰ ৰপ্তানি কৰিছে।

মোছতাক আহমেদে গুৰুত্ব আৰোপ কৰি কয় যে আজিৰ ভাৰতত "ভাৰতত নিৰ্মিত" প্ৰডাক্টৰ চাহিদা বৃদ্ধি পাইছে, আৰু আমি নিজে নিৰ্মাণ কৰা প্ৰডাক্টেই বিশ্ববজাৰত আগবঢ়াই থাকো।