newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কৰদাতা: মোডী শাসনত মধ্যবিত্তীয় কৰদাতাই পালে বৃহৎ সকাহ! ১০ বছৰত  কমিল কৰৰ বোজা

BNE News Desk , November 15, 2024
Spread the love
Share on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালৰ ১০ বছৰত মধ্যবিত্ত শ্ৰেণীত অন্তৰ্ভুক্ত ২০ লাখ টকাৰ কম উপাৰ্জন কৰা কৰদাতাৰ ওপৰত আয়কৰৰ বোজা কমিছে। আনহাতে বছৰি ৫০ লাখ টকাতকৈ অধিক উপাৰ্জন কৰাসকলৰ ওপৰত কৰ বোজা একে সময়ছোৱাত বৃদ্ধি পাইছে।
   
আয়কৰ ৰিটাৰ্ণ দাখিলৰ তথ্য অনুসৰি ২০১৩-১৪ চনত বাৰ্ষিক আয় ৫০ লাখ টকাতকৈ অধিক হোৱা কৰদাতাৰ সংখ্যা ১.৮৫ লাখ আছিল, যিটো ২০২৩-২৪ চনত ৫গুণ বৃদ্ধি পাই ৯.৩৯ লাখ হৈছে। ৫০ লাখ টকাৰ ওপৰত আয় থকা সকলৰ ওপৰতো বৃদ্ধি পাইছে কৰ বোজা। ২০১৪ চনত তেওঁ ২.৫২ লাখ টকাৰ কৰ দিবলগীয়া হৈছিল। ২০২৪ চনত ৯.৬২ লাখ টকালৈ বৃদ্ধি পাইছে।
   
ইকনমিক টাইমছে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি চৰকাৰে যি আয়কৰ লাভ কৰিছে তাৰ ৭৬ শতাংশই ৫০ লাখতকৈ অধিক উপাৰ্জন কৰা কৰদাতাৰ পৰা আহিছে। ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীত পৰি যোৱা কৰদাতাসকলে যথেষ্ট সকাহ পাইছে আৰু তেওঁলোকৰ ওপৰত কৰ বোজা কমিছে। যিসকল কৰদাতাৰ বাৰ্ষিক আয় ৫০ লাখতকৈ অধিক হয় তেওঁলোকে এতিয়া অধিক আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছে। ইয়াৰ মূল কাৰণ হ’ল চৰকাৰে কৰ ফাঁকি বন্ধ কৰাৰ প্ৰচেষ্টা আৰু ক’লা ধন ৰোধৰ বাবে মোডী চৰকাৰে অনা আইন। ২০২৪-২৫ চনৰ মূল্যায়ন বৰ্ষত মুঠ ৮ কোটি আয়কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছে, ইয়াৰে ৭৪ শতাংশ কৰদাতাই নতুন কৰ ব্যৱস্থাৰ অধীনত ৰিটাৰ্ণ দাখিল কৰিছে।

ALSO READ: নৱেম্বৰ মাহত কমিব পিঁয়াজৰ দাম । জানি লওঁক শাক-পাচলিৰ দামৰ শেহতীয়া প্ৰতিবেদন
   
মোডী চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত ২ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় থকাসকলেও আয়কৰ দিব লগা হৈছিল। কিন্তু পিছত চৰকাৰে ঘোষণা কৰা কৰ্তন আৰু কৰ ৰেহাইৰ বাবে যিসকল ব্যক্তিৰ বাৰ্ষিক আয় ৭ লাখ টকা পৰ্যন্ত হয়, তেওঁলোকে এতিয়া আয়কৰ দিব নালাগে। বাৰ্ষিক আয় ১০ লাখ টকাতকৈ কম হোৱা কৰদাতাৰ পৰা মুঠ কৰ সংগ্ৰহ হ্ৰাস পোৱাৰ লগতে ২০১৪ চনত ১০.১ শতাংশৰ পৰা ২০২৪ চনত ৬.২২ শতাংশলৈ হ্ৰাস পাইছে। ২.৫ লাখৰ পৰা ৭ লাখ টকাৰ ভিতৰত আয়ৰ কৰদাতাৰ ওপৰত ২০২৩-২৪ চনত ৪৩ হাজাৰ টকা, যিটো তেওঁলোকৰ মুঠ আয়ৰ ৪-৫ শতাংশ আৰু সকলো উদীয়মান অৰ্থনীতিৰ ভিতৰত সৰ্বনিম্ন।