সপ্তাহটোৰ দ্বিতীয়টো ব্যৱসায়িক দিন মঙলবাৰে শ্বেয়াৰ বজাৰত হ্ৰাস পোৱাৰ লগে লগে আৰম্ভ হয়। পুৱা প্ৰায় ৯:১৫ বজাত ৪৩৮.৫৮ পইণ্ট বা ০.৫৩ শতাংশ হ্ৰাস পাই ৮১,৭৩৯.৩৭ পইণ্টত মুকলি হয় আৰু পুৱা ৯:৩০ বজাত ৭০৭.৮৫ পইণ্ট হ্ৰাস পাই ৮১,৪৬৮.৬০ পইণ্ট হয়। নিফটিৰ মূল্য ২৪,৮৭৪.৩৫ পইণ্টত মুকলি হোৱাৰ বিপৰীতে ১২৯.১০ পইণ্ট বা ০.৫১ শতাংশ হ্ৰাস পাই কিছু সময়ৰ পাছত ২২৫.৪০ পইণ্ট হ্ৰাস পাই ২৪,৭৭৫.৭৫ পইণ্টত উপনীত হয়।
বজাৰ মুকলি হোৱাৰ লগে লগে ইণ্ডুচিণ্ড বেংকৰ শ্বেয়াৰ ০.০৪ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে আল্ট্ৰাটেক চিমেণ্টৰ শ্বেয়াৰৰ মূল্য ১.৩৮ শতাংশ হ্ৰাস পায়। এক্সিছ বেংকৰ শ্বেয়াৰ ১.১৩৪ শতাংশ আৰু এন টি পি চিৰ শ্বেয়াৰ ১.৩২ শতাংশ হ্ৰাস পায়। একে সময়তে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ১.১৪ শতাংশ হ্ৰাস আৰু ইটাৰ্নেল কোম্পানীৰ শ্বেয়াৰো ১.০৬ শতাংশ হ্ৰাস পায়।
এল আই চিকে ধৰি বহু কোম্পানীৰ ত্ৰিমাসিক ফলাফল আজি আহিব, যাৰ প্ৰভাৱ ইয়াৰ ষ্টকত পৰিব পাৰে। ইয়াৰ ভিতৰত বছ, ভাৰত ডাইনেমিক্স, এন এম ডি চি, জিনকা লজিষ্টিকছ ছলিউচন, কেৰাৰো ইণ্ডিয়া, হিন্দুস্তান কপাৰ, জে কে লক্ষ্মী চিমেণ্ট, গেটৱে ডিষ্ট্ৰিপাৰ্ক, ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ, ত্ৰিভেনি ইঞ্জিনিয়াৰিং এণ্ড ইণ্ডাষ্ট্ৰী ইত্যাদি।
চলিত মাহত আহিবলগীয়া কোম্পানীসমূহৰ চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফল আৰু শুল্ক সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰিকল্পনাইও বজাৰৰ গতিবিধিৰ ওপৰত প্ৰভাৱ পেলায় আৰু দিশ নিৰ্ধাৰণ কৰে। সোমবাৰে বিদেশী বিনিয়োগকাৰীয়ে ১৩৫.৯৮ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰে। আনহাতে, ঘৰুৱা বিনিয়োগকাৰীয়েও ১,৭৪৫.৭২ কোটি টকাৰ শ্বেয়াৰত বিনিয়োগ কৰিছিল।
যদি আমি এছিয়াৰ বজাৰৰ কথা কওঁ, তেন্তে আজি অৰ্থাৎ মঙলবাৰে ইয়াত মিশ্ৰিত ধাৰা দেখা গৈছে। জাপানৰ নিকেই ০.১৫ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে ব্ৰ’ডাৰ টপিক্স সূচকাংক সুস্থিৰ হৈ আছে। কস্পিও ০.৩২ শতাংশ হ্ৰাস পাইছে। কিন্তু এ এছ এক্স ২০০ৰ বিপৰীত ধাৰা আছিল আৰু ই ০.১৬ শতাংশ বৃদ্ধি পাইছিল
বিশ্বৰ চতুৰ্থ অৰ্থনীতি হোৱাৰ খবৰে সোমবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত নতুন উদ্যম কঢ়িয়াই আনিলে। ইয়াৰ উপৰিও ইউৰোপীয় সংঘৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্ক ৯ জুলাইলৈ পিছুৱাই দিয়াৰ পদক্ষেপেও বজাৰখনক এক বুষ্ট দিয়াৰ কাম কৰিছিল। সোমবাৰে চেন্সেক্স ৪৫৫ পইণ্ট বৃদ্ধি পোৱাৰ বিপৰীতে এন এছ ইৰ নিফটিয়ে ১৪৮ পইণ্টৰ জঁপিয়াই পৰে।
শুকুৰবাৰেও চেন্সেক্সে ৭৬৯.০৯ পইণ্ট আৰু নিফটিয়ে ২৪৩.৪৫ পইণ্ট বৃদ্ধি লাভ কৰে। বিশেষজ্ঞসকলৰ মতে, বাৰিষাৰ আগতীয়া আগমন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰক ২.৬৯ লাখ কোটি টকাৰ অভিলেখ লভ্যাংশ দিয়াৰ ঘোষণাই বজাৰসমূহতো ইতিবাচক আৱেগক অধিক শক্তিশালী কৰি তুলিছে।