newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

শীৰ্ষ দহটা চেন্সেক্স কোম্পানীৰ ভিতৰত ছটা কোম্পানীৰ মাৰ্কেট কেপ ১.৭১ লাখ কোটি টকা হ্ৰাস, এক নম্বৰ স্থানত আছে আৰ আই এল

BNE News Desk , January 20, 2025
Spread the love
Share on Twitter

যোৱা সপ্তাহত চেন্সেক্সৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানী ছটা কোম্পানীৰ বজাৰ মূলধন (মাৰ্কেট কেপ) সামূহিকভাৱে ১.৭১ লাখ কোটি টকা হ্ৰাস পাইছে লৈ।

চেন্সেক্সৰ শীৰ্ষ ১০টা কোম্পানীৰ ভিতৰত প্ৰথম স্থানত থাকিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ। ইয়াৰ পিছত ক্ৰমে টি চি এছ, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, আই চি আই চি আই বেংক, ইনফ’ছিছ, ষ্টেট বেংক অৱ ইণ্ডিয়া, হিন্দুস্তান ইউনিলিভাৰ, আই টি চি আৰু এল আই চি ৰেংকিং লাভ কৰে।    

শীৰ্ষ দহটা কোম্পানীৰ ভিতৰত টাটা কনছালটেন্সি চাৰ্ভিচেছ, এইচডিএফচি বেংক, আইচিআইচিআই বেংক, ইনফ’ছিছ, হিন্দুস্তান ইউনিলিভাৰ আৰু আইটিচিয়ে সামূহিকভাৱে বজাৰ মূলধনত ১,৭১,৬৮০.৪২ কোটি টকা লোকচান কৰে। একে সময়তে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ভাৰতী এয়াৰটেল, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই) আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)ৰ বজাৰ স্থান বৃদ্ধি পায়।

পৰ্যালোচনাধীন সপ্তাহটোত ইনফ’ছিছৰ বজাৰ মূলধন ৬২,৯৪৮.৪ কোটি টকা হ্ৰাস পাই ৭,৫৩,৬৭৮.৩৮ কোটি টকা হৈছে। আটাইতকৈ বেছি লোকচান হৈছে ইনফ’ছিছৰ। তৃতীয় ত্ৰৈমাসিকৰ ফলাফল ঘোষণাৰ পিছত শুকুৰবাৰে লাভ বুকিঙৰ মাজতে ইনফ’ছিছৰ শ্বেয়াৰ প্ৰায় শতাংশ হ্ৰাস পায়।

টিচিএছৰ বজাৰ মূলধন ৫০,৫৯৮.৯৫ কোটি টকা হ্ৰাস পাই ১৪,৯২,৭১৪.৩৭ কোটি টকা হৈছে। হিন্দুস্তান ইউনিলিভাৰৰ মূল্য ২০,৬০৫.৯২ কোটি টকা হ্ৰাস পাই ৫,৫৩,১৫২.৫২ কোটি টকা আৰু আইচিআইচিআই বেংকৰ মূল্য ১৬,০০৫.৮৪ কোটি টকা হ্ৰাস পাই ৮,৬৫,৪৯৫.১৭ কোটি টকা হয়। এইচ ডি এফ চি বেংকৰ বজাৰ মূলধন ১৫,৬৪০.৮ কোটি টকা হ্ৰাস পাই ১২,৫১,৭৯৯.৮১ কোটি টকা হৈছে। আইটিচিৰ এম কেপ ৫,৮৮০.৫১ কোটি টকা হ্ৰাস পাই ৫,৫০,৭০২.৯৩ কোটি টকা হয়।

ALSO READ: দিল্লী এনচিআৰে ঘৰৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত সকলো চহৰক কৰিলে অতিক্ৰম, ২০২৪ চনত ইমানেই বৃদ্ধি পালে দাম

এই ধাৰাটোৰ বিপৰীতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মূল্য ৭৯,৭৭৩.৩৪ কোটি টকা বৃদ্ধি পাই ১৭,৬০,৯৬৭.৬৯ কোটি টকা হৈছে। ভাৰতীয় ষ্টেট বেংকৰ বজাৰ মূলধন ১৮,৬৯৭.০৮ কোটি টকা বৃদ্ধি পাই ৬,৮১,৯৩০.২২ কোটি টকা হৈছে। এই সপ্তাহটোত এল আই চিয়ে ৯,৯৯৩.৫ কোটি টকা যোগ কৰি ইয়াৰ বজাৰ মূলধন ৫,৪০,৭২৪.০৫ কোটি টকা হয়। ভাৰতী এয়াৰটেলৰ বজাৰ মূলধন ৭,০৮০.৯৮ কোটি টকা বৃদ্ধি পাই ৯,২৭,০১৪.৯৭ কোটি টকা হৈছে।

যোৱা সপ্তাহত ৩০ শ্বেয়াৰৰ বিএছই চেন্সেক্সৰ মূল্য ৭৫৯.৫৮ পইণ্ট বা ০.৯৮ শতাংশ হ্ৰাস পাইছে। আনহাতে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি ২২৮.৩ পইণ্ট বা ০.৯৭ শতাংশ হ্ৰাস পাইছে।