মনোজ কুমাৰ দাস হৈছে 'সুফলম ষ্ট্ৰীট'ৰ সহ-মুখ্য কাৰ্যবাহী বিষয়া। ২১ বছৰৰ অভিজ্ঞতাৰ সৈতে গুৱাহাটী তথা উত্তৰ-পূৰ্বাঞ্চলৰ চাইনেজ, প্ৰিণ্টিং আৰু ব্ৰেণ্ডিং খণ্ডত তেওঁ এক শক্তিশালী নাম। তেখেতে নিজেই গ্ৰাফিক ডিজাইনাৰ হিচাপে কাম কৰি ২৫০ টকাৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিল। আজি তেওঁৰ উদ্যোগৰ মূল্যায়ন ১৫ কোটি টকাৰো ওপৰত। কোম্পানীৰ বাৰ্ষিক টাৰ্নঅভাৰ ১০ কোটি টকাৰ পৰা অধিক, য’ত ১৫-২০% নিট মুনাফা ৰেকৰ্ড কৰা হৈছে।
তেওঁ বিশ্বাস কৰে — “প্ৰিণ্টিং আৰু ব্ৰেণ্ডিং হৈছে সকলো খণ্ডৰ মূখ্য প্ৰয়োজন — ৰেষ্টুৰেণ্ট, হোটেল, ইলেক্ট্ৰনিক্স বা অন্য যিকোনো উদ্যোগতে হওঁক।” তেখেতৰ মতে, এই খণ্ডত অসম আৰু উত্তৰ-পূৱত যথেষ্ট সম্ভাৱনা আছে, কিন্তু মাইক্ৰো, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ (MSME) সকলৰ তথ্য আৰু স্বীকৃতিৰ অভাৱত বহু সংস্থা পিছ পৰি আছে।
সুফলম ষ্ট্ৰীটে ক্ৰেতাসকলক সাধাৰণ চাইনেজৰ বাহিৰে একে ঠাইতে ব্ৰেণ্ডিং, বিজ্ঞাপন আৰু প্ৰডাক্ট প্ৰম’চনৰ একত্ৰিত সমাধান আগবঢ়ায়। উন্নত মুদ্রণ সমাধান দিয়াৰ বাবে তেওঁলোকে 'সৃষ্টি' নামৰ এটা নতুন ইউনিটো গঠন কৰিছে। AI আৰু 3D টেকনলজিৰ সহায়ত কামৰ গতি বৃদ্ধি পাইছে — য’ত আগতে ১০ দিন লাগিছিল, এতিয়া ১ ঘণ্টাতেই প্ৰডাক্ট তৈয়াৰ হয়।
তিনি-চাৰিজনেৰে আৰম্ভ হোৱা যাত্ৰা এতিয়া ২০০ জনৰ দলেৰে আগবাঢ়িছে। বাহিৰৰ পৰা সামগ্ৰী ক্ৰয় কম কৰিবলৈ তেওঁ নিজেই আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰিছে, যেনে SS Laser Fiber — যি মেটেল লেটাৰ তৈয়াৰত ব্যৱহৃত হয়। এতিয়া এইধৰণৰ লেটাৰ এজন গ্ৰাহকক দিনটোৰ ভিতৰতে দিয়া সম্ভৱ হৈছে।
ALSO READ: অৰ্থনৈতিক বিকাশৰ অনুঘটক হিচাপে একাধিক আন্তঃগাঁথনি প্ৰকল্পৰ আলোকপাত
তেখেতৰ কণ্ঠত আত্মবিশ্বাস — “অসমৰ পইচা অসমতে থাকিব লাগে, অসমীয়া দক্ষ হ’ব লাগে। মূলধন থাকিলেই নহয়, কামত চিনাকি, দক্ষতা আৰু মনোভাবৰো প্ৰয়োজন।” তেওঁ আশা প্ৰকাশ কৰে যে এজন গ্ল’বেল উদ্যোগীৰ দৃষ্টিভংগীৰে গুৱাহাটীলৈ দেশজুৰি মনোযোগ আহিব।
তেওঁৰ উদ্দেশ্য — গুৱাহাটীক এক সৃজনশীল উৎপাদন কেন্দ্র হিচাপে প্ৰতিষ্ঠা কৰা, য’ত সমগ্ৰ দেশৰ মানুহে ভৰসা কৰিব।