newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভাৰতত লজিষ্টিকৰ খৰচ ২ বছৰত ৯ শতাংশলৈ হ্ৰাস পাব

BNE News Desk , December 11, 2024
Spread the love
Share on Twitter

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে কয় যে ভাৰতত লজিষ্টিক খৰচ দুবছৰৰ ভিতৰত ৯ শতাংশলৈ হ্ৰাস পাব।

বাউমা কনএক্সপো ইণ্ডিয়াত ভাষণ দি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীয়ে কয়, “বৰ্তমান আমাৰ লজিষ্টিক খৰচ ১৪-১৬ শতাংশ।”মই আপোনালোকক আশ্বস্ত কৰিছো যে দুবছৰৰ ভিতৰত ইয়াক ৯ শতাংশলৈ হ্ৰাস কৰা হ’ব, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত আমি অধিক প্ৰতিযোগিতামূলক হ’ম।’

চীনত লজিষ্টিক খৰচ ৮ শতাংশ আৰু আমেৰিকা আৰু ইউৰোপৰ দেশত ১২ শতাংশ বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰক জি এছ টিৰ অংশ হিচাপে সৰ্বাধিক ৰাজহ প্ৰদান কৰা অন্যতম গুৰুত্বপূৰ্ণ উদ্যোগ অটোমোবাইল উদ্যোগ।

ভাৰতক ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ অটোমোবাইল উদ্যোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়।

নিৰ্মাণ সঁজুলিসমূহো এই অটোম’বাইল উদ্যোগৰ অংশ বুলি তেওঁ কয়।

ALSO READ: কুইৰাছ ৱেলথে ১০,০০০ কোটি টকা এ ইউ এম লাভ কৰিছে আৰু ২০২৮ চনৰ ভিতৰত ৫০,০০০ কোটি টকাৰ লক্ষ্য লৈছে

চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আন্তঃগাঁথনি গঢ়ি তুলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে পানী, শক্তি, পৰিবহণ আৰু যোগাযোগ চাৰিটা খণ্ড য’ত চৰকাৰে উন্নয়নৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে।

নিৰ্মাণৰ মানদণ্ডৰ লগত আপোচ নকৰাকৈ নিৰ্মাণ ব্যয় হ্ৰাস কৰাটোৱেই চৰকাৰৰ লক্ষ্য বুলিও গডকাৰীয়ে লগতে কয়।