newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কেতিয়া আহিব এল আই চি মিউচুৱেল ফাণ্ডৰ আই পি অ’, কোম্পানীৰ পৰিচালনা সমিতিয়ে দিলে ডাঙৰ তথ্য

BNE News Desk , December 14, 2024
Spread the love
Share on Twitter

এল আই চি মিউচুৱেল ফাণ্ডৰ আই পি অ’লৈ অপেক্ষা কৰি থকা বিনিয়োগকাৰীৰ বাবে এটা ডাঙৰ খবৰ। এল আই চি মিউচুৱেল ফাণ্ডৰ এচেটছ অণ্ডাৰ মেনেজমেণ্ট (এ ইউ এম) ১ লাখ কোটি টকাৰ স্তৰত উপনীত হোৱাৰ পিছত আই পি অ’ আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। শুকুৰবাৰে এজন বিষয়াই এই তথ্য প্ৰদান কৰে। কোম্পানীটোৱে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ১ লাখ কোটি টকাৰ এ ইউ এমৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বৰ্তমান এল আই চি এম এফৰ এ ইউ এম প্ৰায় ৩৮,০০০ কোটি টকা, যিটো ২০২২-২৩ বিত্তীয় বৰ্ষত আছিল ১৬,৫২৬ কোটি টকা। এল আই চি মিউচুৱেল ফাণ্ডে মিউচুৱেল ফাণ্ড খণ্ডত দ্ৰুত বৃদ্ধি পোৱা দেখা গৈছে আৰু ইয়াৰ আই পি অ’ক লৈ বজাৰত কৌতুহলৰ সৃষ্টি হৈছে।

এল আই চি মিউচুৱেল ফাণ্ড (এম এফ) এচেট মেনেজমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’ আৰ কে ঝাই কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত আমি ৬৭ শতাংশ বৃদ্ধি লাভ কৰিছো আৰু আমাৰ বৰ্তমানৰ বৃদ্ধিৰ হাৰ ৩০ শতাংশ . তেওঁ কয় যে সকলো ফাণ্ডতে বৰ্তমানৰ ইকুইটি অৱদান ৪৭ শতাংশ, বাকী ৫৩ শতাংশ বণ্ডৰ পৰা।

আৰ কে ঝাই কয় যে প্ৰতিষ্ঠানিক আৰু কৰ্পৰেট বিনিয়োগকাৰীয়ে বেছিভাগেই নিজৰ ধন বণ্ডত বিনিয়োগ কৰিছে, আনহাতে খুচুৰা অংশগ্ৰহণ ইকুইটিৰ প্ৰতি প্ৰৱল। তেওঁ কয় যে আমি বিচাৰো যে যেতিয়া আমি ১ লাখ কোটি টকা পাওঁ তেতিয়া খুচুৰা বা ইকুইটিৰ ওজন ৬৫-৭০ শতাংশলৈ বৃদ্ধি হওক।

ALSO READ: পি ই ফাৰ্ম কেকেআৰে ইণ্ডিয়া গ্ৰীড ট্ৰাষ্টত ২.৬ শতাংশ ইউনিটহোল্ডিং ২৭৭ কোটি টকাত বিক্ৰী কৰে

লগতে তেওঁ কয় যে এল আই চি মিউচুৱেল ফাণ্ডে এই লক্ষ্যত উপনীত হ’বলৈ বহু উদ্যোগ লৈছে। ইয়াৰ ভিতৰত আছে জীৱন বীমা নিগমৰ (এল আই চি) বিশাল নেটৱৰ্ক ব্যৱহাৰ কৰি নিজৰ কাৰ্যালয় সম্প্ৰসাৰণ কৰা, বিভিন্ন প্লেটফৰ্মত বিতৰণ চেনেল স্থাপন কৰা আৰু প্ৰযুক্তিৰ সমাধান ৰূপায়ণ কৰা। ইয়াৰ উপৰিও এল আই চি মিউচুৱেল ফাণ্ডে খুচুৰা বিনিয়োগকাৰীৰ বহল অংশগ্ৰহণক উৎসাহিত কৰিবলৈ নূন্যতম চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন (এছ আই পি)ৰ পৰিমাণ হ্ৰাস কৰিছে।