চাহ অসমীয়াৰ আৱেগ । একাপ সুন্দৰ চাহে বহু পৰিমাণে অৱসাদ দূৰ কৰে । চাহৰ বাবে অসম পৃথিৱী বিখ্যাত। দেশৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইলৈ অসমৰ চাহ ৰপ্তানি হয় । এইবাৰ আমি ক'ব বিচাৰিছো যোৱা জুন মাহত প্ৰতিষ্ঠা লাভ কৰা 'Kanu Gold Tea' ৰ বিষয়ে। বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত Kanu Gold Tea ৰ স্বত্বাধিকাৰী পিণাক শৰ্মাই কয় যে , অসমৰ চাহ উদ্যোগটোক দেশ ৰ লগতে বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ তেওঁ এই প্ৰচেষ্টা হাতত লৈছে । অসমৰ বিভিন্ন চাহ বাগিছাৰ পৰা কেঁচা চাহপাত সংগ্ৰহ কৰি তেওঁলোকে নিজৰ ফেক্টৰিত সৰলীকৃত কৰি এই চাহ তৈয়াৰ কৰে । উল্লেখযোগ্য যে তেওঁ নিজেও এগৰাকী অসমৰ প্ৰতিষ্ঠিত চাহ খেতিয়ক । পিতৃ স্বৰ্গীয় কানু শৰ্মাৰ নামেৰে নামাকৰণ কৰা হৈছে এই 'Kanu Gold Tea' । অসমৰ ডিব্ৰুগড় জিলাৰ টিংখাঙত এই চাহৰ উদ্যোগ আছে । আন চাহতকৈ সোৱাদত পৃথক আৰু গুণাগুণ উন্নত মানদণ্ডৰ বুলি দাবী কৰি স্বত্বাধিকাৰী পিণাক শৰ্মাই কয় যে এই চাহে ৰাজ্যৰ লগতে সমগ্র দেশতে এখন বজাৰ দখল কৰিবলৈ সক্ষম হ'ব । চাওঁক এই বিশেষ প্ৰতিবেদন ।