যোৱা ২০২৫ চনৰ বিত্তীয় বৰ্ষৰ জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত (চতুৰ্থ ত্ৰৈমাসিক) দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ মূল কোম্পানী ইন্টাৰগ্ল’ব এভিয়েশ্যনৰ নিকা লাভ ৬২ শতাংশ বৃদ্ধি পাই ৩,০৬৮ কোটি টকা হৈছে।এবছৰ পূৰ্বে এই সময়ছোৱাত কোম্পানীটোৰ নিকা লাভ আছিল ১,৮৯৪.৮ কোটি টকা।
বুধবাৰে কোম্পানীটোৱে চতুৰ্থ ত্ৰৈমাসিকৰ লাভ এতিয়ালৈকে সৰ্বাধিক বুলি প্ৰকাশ কৰিছে। ইয়াৰ পিছত কোম্পানীটোৰ পৰিচালনা সমিতিয়ে প্ৰতি ইকুইটি শ্বেয়াৰত ১০ টকাৰ লভ্যাংশৰ পৰামৰ্শ আগবঢ়াইছে।
কোম্পানীটোৱে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ইণ্ডিগ’ৰ যাত্ৰীৰ সংখ্যা ১৯.৬ শতাংশ বৃদ্ধি পাই ৩.১৯ কোটি হৈছে। কোম্পানীটোৱে কাম-কাজৰ পৰা ২২,১৫২ কোটি টকা লাভ কৰিছে, অৰ্থাৎ ২৪ শতাংশ জঁপিয়াই পৰা দেখা গৈছে। এবছৰৰ আগৰ একে সময়ছোৱাত ১৭,৮২৫ কোটি টকা।
ALSO READ: IndusInd Bank ত ১৭২.৫৮ কোটি টকাৰ জালিয়াতি, তিনি ত্ৰিমাসিক অনিয়ম অব্যাহত আছে
কোম্পানীটোৱে এক বিবৃতিত কয় যে বিমান যাত্ৰাৰ প্ৰবল চাহিদা আৰু কৌশল ৰূপায়ণৰ বাবে যোৱা বিত্তীয় বৰ্ষত ইণ্ডিগ’ৰ নিকা লাভ হৈছে ৭,২৫৮.৪ কোটি টকা। বৈদেশিক মুদ্ৰাৰ প্ৰভাৱ বাদ দিলে ইণ্ডিগোৰ নিকা লাভৰ পৰিমাণ ৮,৮৬৭.৬ কোটি টকা। ইণ্ডিগ’ই কয় যে মাৰ্চ ত্ৰৈমাসিকত ইণ্ডিগ’ৰ নিকা লাভ আছিল ৩,০৬৭.৫ কোটি টকা, যিটো কোম্পানীটোৰ এতিয়ালৈকে চতুৰ্থ ত্ৰৈমাসিকত সৰ্বাধিক।’ মাৰ্চ ত্ৰৈমাসিকত ইণ্ডিগ’ৰ যাত্ৰী টিকটৰ ৰাজহ ২৫.৪ শতাংশ বৃদ্ধি পাই ১৯,৫৬৭.৩ কোটি টকা হোৱাৰ বিপৰীতে আন আয় ২৫.২ শতাংশ বৃদ্ধি পাই ২,১৫২.৫ কোটি টকা হৈছে। ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ আলবাৰ্ছে কয় যে যোৱা বিত্তীয় বৰ্ষত বিমান সংস্থাটোৱে মুঠ ১১.৮ কোটি লোকক কঢ়িয়াই লৈ ফুৰিছিল।
ইফালে, ২০২৫ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা যোৱা বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত জে কে টায়াৰ এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ একত্ৰিত নিকা লাভ ৪২.৫ শতাংশ হ্ৰাস পাই ৯৮.৬৬ কোটি টকা হৈছে। ব্যয় বৃদ্ধি আৰু বৈদেশিক মুদ্ৰাৰ বিৰূপ প্ৰভাৱৰ বাবে কোম্পানীটোৰ লাভ হ্ৰাস পাইছে। জে কে টায়াৰ এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেডে এই তথ্য শ্বেয়াৰ মাৰ্কেটক দিলে। বিগত বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত কোম্পানীটোৱে ১৭১.৬৬ কোটি টকা উপাৰ্জন কৰিছিল। ৫০ লাখ টকাৰ সংহত নিকা লাভ লাভ কৰিছিল।