newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

২০৩১ চনৰ ভিতৰত দুগুণ হ‘ব ভাৰতৰ গ্ৰাহক বজাৰ, অপেক্ষা মাথো ২.৩১ ট্ৰিলিয়ন ডলাৰৰ সুযোগলৈ : নিৰ্মলা সীতাৰমণ

BNE News Desk , May 17, 2024
Spread the love
Share on Twitter

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ২০৩১ চনৰ ভিতৰত ভাৰতৰ গ্ৰাহক বজাৰৰ আকাৰ দুগুণ হ’ব আৰু আগন্তুক ৫ বছৰত বিশ্বৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ অৱদান ১৮ শতাংশলৈ বৃদ্ধি পাব। বিত্তমন্ত্ৰীগৰাকীয়ে বিজনেছ চেম্বাৰ চিআইআইৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন হ’বলৈ গৈ আছে।

চিআইআইৰ অনুষ্ঠানত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰি বিত্তমন্ত্ৰীয়ে এছ এণ্ড পি গ্ল’বেল মাৰ্কেট ইনটেলিজেন্স আউটলুক প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে ২০৩১ চনৰ ভিতৰত দেশৰ গ্ৰাহক বজাৰ দুগুণ হ’ব। তেওঁ কয় যে দেশৰ দুৱাৰমুখত ২.৩১ ট্ৰিলিয়ন ডলাৰৰ এক বৃহৎ সুযোগ থিয় হৈ আছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ গ্ৰাহকৰ খাদ্য সামগ্ৰীৰ ব্যয় ১.৪ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব আৰু এই খণ্ডত এক ট্ৰিলিয়ন ডলাৰৰ সুযোগ অপেক্ষা কৰি আছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এছ এণ্ড পি গ্ল’বেলে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰতত বিত্তীয় সেৱাৰ ব্যয় ৬৭০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব আৰু দেশত ৩৯০ বিলিয়ন ডলাৰৰ সুযোগ আছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতৰ অৰ্থনীতি ভৱিষ্যতেও দ্ৰুতগতিত বৃদ্ধি পাব।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক ৩০ বছৰলৈ ভাৰতে জনগাঁথনিগত লভ্যাংশৰ দ্বাৰা লাভৱান হৈ থাকিব। ইয়াৰ বাবে দেশত খৰখেদাকৈ ব্যৱহাৰ বৃদ্ধি পাব। ২০২১ চনৰ বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিবেদন উদ্ধৃতি দি তেওঁ কয় যে দেশত ৫ কোটি নতুন চাকৰিৰ সৃষ্টি হ’ব, যাৰ ফলত ভাৰতীয় অৰ্থনীতিত ১ ট্ৰিলিয়ন ডলাৰৰ প্ৰভাৱ দেখা যাব।

দেশত চলি থকা লোকসভা নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰখন বৃহৎ সংখ্যাগৰিষ্ঠতাৰে কেন্দ্ৰলৈ ঘূৰি আহিব বুলি দাবী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু চৰকাৰ গঠনৰ পিছত জুলাই মাহত দাখিল হ’বলগীয়া বাজেট আৰু বাজেটত কি কি উন্নতি কৰিব পাৰি সেই সম্পৰ্কে চি আই আইৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰা হ’ব। জুলাই মাহত দাখিল হ’বলগীয়া বাজেটৰ বাবে পৰামৰ্শ আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চিআইআইয়ে দিয়া পৰামৰ্শসমূহ জুলাই মাহত দাখিল হ’বলগীয়া বাজেটত অন্তৰ্ভুক্ত কৰা হ’ব।

ALSO READ: India's urban unemployment rate dips to 6.7%