newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

গংগা নদীত ভাৰতীয় ৰে‘লৱেই নিৰ্মাণ কৰিব বিশাল দলং। একেলগে চলাচল কৰিব পাৰিব ৰে‘ল আৰু গাড়ী

BNE News Desk , October 16, 2024
Spread the love

বাৰাণসীৰ গংগা নদীত এখন বিশাল দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰেলৱেই। এইখনেই হ’ব ৰে’লৱেৰ এতিয়ালৈকে সৰ্ববৃহৎ দলং। ইয়াৰ ওপৰত চাৰিটা ৰেলপথ আৰু ছয় লেনযুক্ত ঘাইপথো নিৰ্মাণ কৰা হ’ব। এই দলংখনে বৰ্তমান সেৱা আগবঢ়াই থকা ১৩৭ বছৰীয়া মালভিয়া দলঙৰ ঠাই ল’ব। এই প্ৰস্তাৱে কেবিনেটৰ অনুমোদন লাভ কৰিছে। এই নতুন দলংখনৰ বাবে চৰকাৰে ব্যয় কৰিব ২৬৪২ কোটি টকা। বাৰাণসীৰ পৰা পণ্ডিত দীনদয়াল উপাধ্যায় ৰেল-পথ দলঙে যাতায়ত সহজ কৰি তোলাই নহয়, পৰিবহণ ব্যয় আৰু কাৰ্বন নিৰ্গমনও হ্ৰাস কৰিব। চৰকাৰে দাবী কৰিছে যে এই দলংখনেও বছৰি ৬৩৮ কোটি টকা ৰাহি কৰিব। ইয়াৰ উপৰিও বহু অঞ্চলৰ সংযোগো বৃদ্ধি পাব। 
   
এই সিদ্ধান্তৰ তথ্য দি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই দলঙৰ ভেটি ১২০ ফুট দ হ’ব। তাৰ ওপৰত খুঁটা নিৰ্মাণ কৰা হ’ব আৰু তাৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ’ব। যাতায়তৰ ক্ষেত্ৰত এইখনেই হ’ব আটাইতকৈ ডাঙৰ দলং। ইয়াৰ ওপৰত চাৰিটা ৰেল লাইন আৰু ছটা হাইৱে লেন থাকিব। তলত ৰে’ল লাইন আৰু ওপৰত ৬ লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰা হ’ব। ১৫০ বছৰৰ সময়ছোৱাৰ কথা মনত ৰাখি এই দলং নিৰ্মাণ কৰা হ’ব। চাৰি বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অশ্বিনী বৈষ্ণৱে কয় যে এই দলংখন নিৰ্মাণৰ সময়ত প্ৰায় ১০ লাখ মানুহ দিনৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব।
     
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই প্ৰকল্পত অনুমোদন জনোৱা হয়। ইয়াৰ লগে লগে বাৰাণসী আৰু চন্দৌলি জিলাৰ সংযোগ উৎকৃষ্ট হৈ পৰিব। ভাৰতীয় ৰেলৱেৰ বাবে বাৰাণসী এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন। যাত্ৰী আৰু সামগ্ৰী পৰিবহণৰ বাবেও ই গুৰুত্বপূৰ্ণ। কয়লা, চিমেণ্ট আৰু শস্যৰ পৰিবহণৰ বাবে এই পথটো অতি ব্যস্ত হৈয়ে আছে। লগতে এইখন তীৰ্থযাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান। এই কাৰণেই দলংখনৰ ওপৰত ৪টা ৰে’লপথ বিস্তাৰ কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে ৰেলৱেৰ নেটৱৰ্ক প্ৰায় ৩০ কিলোমিটাৰ বৃদ্ধি পাব।