newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভাৰতে ৪৯,০০০ কোটিৰ ৭৫ টা সুৰংগ নিৰ্মাণৰ বাবে প্ৰকল্প হাতত লৈছে

BNE News Desk , December 5, 2024
Spread the love
Share on Twitter

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে কয় যে দেশত ৪৯ হাজাৰ কোটি টকা বিনিয়োগৰ প্রায় ৭৫টা সুৰংগ এন এইচ এ আই প্রকল্প নির্মাণ হৈ আছে৷

‘বিশ্ব সুৰংগ দিৱস ২০২৪ নিৰাপদ আৰু বহনক্ষম সুৰংগ নিৰ্মাণ সন্মিলনত ভাষণ দি পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সুৰংগ খণ্ডত বিপুল সম্ভাৱনা আছে।

"আমাৰ প্ৰধানমন্ত্ৰীৰ সপোন আছে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা। এই লক্ষ্যৰ বাবে আমাৰ দেশত আন্তঃগাঁথনিৰ আন্তৰ্জাতিক মানদণ্ড থকাটো প্ৰয়োজন।" আমাৰ চৰকাৰে দেশৰ ভাল আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে।’-গডকাৰীয়ে কয়।

সুৰংগ নিৰ্মাণৰ বিপুল সম্ভাৱনা। এনএইচএআইয়ে ২০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৫টা সুৰংগ প্ৰকল্প সম্পূৰ্ণ কৰিছে বুলিও তেওঁ কয়।

দেশত ৪৯ হাজাৰ কোৰ ব্যয়ৰে ১৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় ৭৫টা সুৰংগ প্ৰকল্প চলি আছে, আনহাতে দেশত ১.১০ লাখ কোটি টকাৰ ৭৮টা সুৰংগ প্ৰকল্প আহি আছে যিয়ে ২৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

ALSO READ: ঔদ্যোগিক বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে তেলেংগানাই

"দুদিন আগতে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে মোৰ বৈঠক হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ তলত আমি এটা বিশাল সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰিছো। গতিকে, এই উদ্যোগৰ সৈতে জড়িত সকলো ঠিকাদাৰ আৰু পৰামৰ্শদাতাৰ বাবে মই অনুভৱ কৰোঁ যে ইয়াৰ বিশাল সম্ভাৱনা আছে।"

তেওঁ কয় যে আজি সুৰংগ কেৱল পথ নেটৱৰ্কৰ বাবেই নহয়, সকলোতে হাইড্ৰ’ প্ৰকল্প, মেট্ৰ’, ৰে’লৱেৰ বাবেও এক অতি গুৰুত্বপূৰ্ণ কাৰক।