newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ইণ্ডিয়া ফৰেক্স ৰিজাৰ্ভঃ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত প্ৰবল জাঁপ, ৰিজাৰ্ভ ৪.৫৪ বিলিয়ন ডলাৰ বৃদ্ধি পাই হৈছে ৬৭৪.৬৬ বিলিয়ন ডলাৰ

BNE News Desk , August 24, 2024
Spread the love

এই সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুতত তীব্ৰ উত্থান ঘটিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বৈদেশিক মুদ্ৰাৰ মজুত ৪.৫৪ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৭৪.৬৬ বিলিয়ন ডলাৰ হৈছে, যিটো সৰ্বকালৰ সৰ্বোচ্চ মূল্যতকৈ অলপ কম। বৈদেশিক মুদ্ৰাৰ মজুতৰ এই বৃদ্ধি এফ পি আই বিনিয়োগ বৃদ্ধিৰ বাবেই হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪ চনৰ ১৬ আগষ্টত সমাপ্ত হোৱা সপ্তাহৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি এই সপ্তাহত পুনৰবাৰ বৈদেশিক মুদ্ৰাৰ মজুত বৃদ্ধি হোৱা দেখা গৈছে আৰু ৪.৫৪ বিলিয়ন ডলাৰ বৃদ্ধিৰে ৪৭৪.৬৬ বিলিয়ন ডলাৰ হৈছেগৈ। ইয়াৰ প্ৰথম সপ্তাহত এই ৰিজাৰ্ভ আছিল ৬৭০.১১৯ বিলিয়ন ডলাৰ।

আৰ বি আইৰ তথ্য অনুসৰি বিদেশী মুদ্ৰাৰ সম্পত্তি ৩.৬০৯ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে আৰু ই ৫৯১.৫৬ বিলিয়ন ডলাৰত থিয় দিছে। আৰ বি আইৰ সোণৰ মজুতও যথেষ্ট বৃদ্ধি পাইছে আৰু ৮৬৫ মিলিয়ন ডলাৰৰ জঁপিয়াই ৬০.১০ বিলিয়ন ডলাৰ হৈছেগৈ। এছডিআৰ ৬ কোটি ডলাৰ বৃদ্ধি পাই ১৮.৩৪ বিলিয়ন ডলাৰ আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মজুত ১২ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৪.৬৫ বিলিয়ন ডলাৰ হয়।

যদি আমি বৈদেশিক মুদ্ৰাৰ মজুত বৃদ্ধিৰ কাৰণবোৰ চাওঁ তেন্তে এই সময়ছোৱাত এফ পি আই বৃদ্ধি পাইছে। বিগত কেইটামান ব্যৱসায়িক অধিবেশনত প্ৰচণ্ড বৃদ্ধি পোৱা ভাৰতীয় শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ দেখা গৈছে। মুদ্ৰা বজাৰত টকা ৬ পইচা শক্তিশালী হৈ এক ডলাৰৰ বিপৰীতে ৮৩.৯০ৰ স্তৰত বন্ধ হয়।

২০২৪ চনত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৫৫ বিলিয়ন ডলাৰ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰে প্ৰকাশ কৰা জুলাই মাহৰ মাহেকীয়া অৰ্থনৈতিক পৰ্যালোচনা অনুসৰি ২০২৪ চনৰ জুন আৰু জুলাই মাহত ১০.৮ বিলিয়ন ডলাৰৰ এফপিআই প্ৰবাহ দেখা গৈছে। ২ আগষ্টত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৬৭৫ বিলিয়ন ডলাৰত উপনীত হৈছিল