newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত  হ্ৰাস  । প্ৰায় ১৮ বিলিয়ন ডলাৰ হ্ৰাস পাই হৈছেগৈ ৬৫৭.৮৯ বিলিয়ন ডলাৰ

BNE News Desk , November 23, 2024
Spread the love
Share on Twitter

১৫ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১৭.৭৬ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫৭.৮৯ বিলিয়ন মাৰ্কিন ডলাৰ হয়। আৰ বি আইৰ শেহতীয়া তথ্য অনুসৰি যোৱা এসপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত প্ৰায় ১৮ বিলিয়ন ডলাৰ হ্ৰাস পোৱা গৈছে। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই তথ্য প্ৰদান কৰে। যোৱা সপ্তাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৬.৪৭ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৭৫.৬৫ বিলিয়ন ডলাৰ হৈছিল।

ছেপ্টেম্বৰৰ শেষৰ ফালে বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰত উপনীত হৈছিল। তাৰ পিছৰে পৰা যোৱা কেইবা সপ্তাহ ধৰি ইয়াৰ হ্ৰাস ঘটিছে। উচ্চতম স্তৰৰ পৰা চালে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৪৭ বিলিয়ন ডলাৰ (৪৬.৯৯ বিলিয়ন ডলাৰ) হ্ৰাস পাইছে।

শুকুৰবাৰে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ১৫ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা বিদেশী মুদ্ৰাৰ সম্পত্তি ১৫.৫৫ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৬৯.৮৩ বিলিয়ন ডলাৰ হৈছে। ডলাৰৰ হিচাপত প্ৰকাশ কৰা বিদেশী মুদ্ৰাৰ সম্পত্তিৰ ভিতৰত বৈদেশিক মুদ্ৰাৰ মজুতত ৰখা ইউৰো, পাউণ্ড আৰু য়েনৰ দৰে অ-আমেৰিকান মুদ্ৰাৰ গতিবিধিৰ প্ৰভাৱ অন্তৰ্ভুক্ত কৰা হৈছে।

ALSO READ: RBI Cuts CRR To 4 Pc, Will Unlock Rs 1.16 Lakh Crore Bank Funds

পৰ্যালোচনাধীন সপ্তাহটোত সোণৰ মজুতৰ মূল্য ২.০৭ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫.৭৫ বিলিয়ন ডলাৰ হৈছে। বিশেষ ড্ৰয়িং ৰাইট (SDR) ৯৪ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.০৬ বিলিয়ন ডলাৰ হৈছে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ১৫ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ সৈতে ভাৰতৰ মজুত ৫১ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.২৫ বিলিয়ন ডলাৰ হৈছে। ছেপ্টেম্বৰৰ শেষৰ ফালে বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বোচ্চ স্তৰত উপনীত হৈছিল ৭০৪.৮৮ বিলিয়ন ডলাৰ। তাৰ পিছৰে পৰা যোৱা কেইবা সপ্তাহ ধৰি ইয়াৰ হ্ৰাস ঘটিছে।